অসম

assam

ETV Bharat / state

বৰলুইতৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে বকোত - বৰলুইতৰ খহনীয়া

শনিবাৰে বানে ভাবুকি কঢ়িয়াই অনা বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ সাম্প্ৰতিক পৰিস্থতি পৰিদৰ্শন কৰে উপ সংমণ্ডল বিষয়া দিপাংকৰ ৰয়ে ৷ বানৰ শংকাত অঞ্চলটোৰ কেইবা শহস্ৰাধিক লোকে ঢাপলি মেলিছে নিৰাপদ স্থানলৈ ৷

massive river erosion in boko
massive river erosion in boko

By

Published : Jun 13, 2020, 7:53 PM IST

বকো, 13 জুনঃ বৰলুইতৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বকো সমষ্টিৰ অন্তৰ্গত সোণতলীত ৷ খহনীয়াত জাহ গৈছে শহস্ৰাধিক লোকৰ ঘৰ,মাটি ৷ সোণতলীৰ পানীখাইতী গাঁৱৰ কৃষিজীৱী লোকে এতিয়া নিজৰ সপোনৰ ঘৰখন ভাঙি আন স্থানলৈ যাবলৈ প্ৰস্তুতি চলাইছে ৷ ইয়াৰ পূৰ্বেও শহস্ৰাধিক লোকে প্ৰাণৰ শংকাত ঢাপলি মেলিছে নিৰাপদ স্থানলৈ ৷ কেইবা বছৰ ধৰি হৈ থকা ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াত জাহ গৈছে সমষ্টিটোৰ 20 খনৰো অধিক গাঁও ৷

কৃষিজীৱী লোকে এতিয়া নিজৰ সপোনৰ ঘৰখন ভাঙি আন স্থানলৈ যাবলৈ প্ৰস্তুতি চলাইছে

পানীখাইতীৰ পূৱ আৰু পশ্চিমে খহনীয়া প্ৰতিৰোধৰ কাম শেষ কৰিলে যদিও,মাজত মাথো দুই কিলোমিটাৰ স্থানত কাম নকৰাৰ বাবে ভয়ংকৰ হৈ পৰিছে নৈৰ খহনীয়া ৷ খহনীয়াৰ কবলত পৰা বৃহত্তৰ অঞ্চলটোৰ পৰিস্থিতিৰ বুজ ল'বলৈ শনিবাৰে উপস্থিত হয় উপ সংমণ্ডল বিষয়া দিপাংকৰ ৰয়ৰ লগতে সোণতলী টুপামাৰী জিলা পৰিষদৰ সদস্য,মাহতলী গাঁও পঞ্চায়তৰ সভাপতি তাইজুদ্দিন আহমেদৰ লগতে কেইবাগৰাকীও ব্যক্তি ৷ উপ সংমণ্ডল বিষয়া গৰাকীয়ে শনিবাৰে বানে ভাবুকি কঢ়িয়াই অনা অঞ্চলটো পৰিদৰ্শন কৰি অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷

বৰলুইতৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে বকোত

লগতে পঢ়কঃকলগাছিয়াত বেঁকী নৈৰ সোঁতত সলিল সমাধি এটি শিশু

ABOUT THE AUTHOR

...view details