অসম

assam

ETV Bharat / state

স্থানীয় ৰে'ল চলাচল কৰাৰ দাবীত ৰঙিয়াত প্ৰতিবাদ - গুৱাহাটী

ৰঙিয়াত মাণ্ডলিক ৰে'ল প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত আছু আৰু অসম ৰে'ল যাত্ৰী সন্থাৰ প্ৰতিবাদ ৷ স্থানীয় ৰে'ল চলাচল কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷

massive-protest-in-kamrup-district-rangia
স্থানীয় ৰে'ল চলাচল কৰাৰ দাবীত ৰঙিয়াত প্ৰতিবাদ

By

Published : Dec 9, 2020, 4:12 PM IST

ৰঙিয়া, 9 নৱেম্বৰ :কামৰূপ জিলাৰ ৰঙিয়াৰ মাণ্ডলিক ৰে'ল প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত আছু আৰু অসম ৰে'ল যাত্ৰী সন্থাই বুধবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অসমত 13 খনকৈ স্থানীয় যাত্ৰীবাহী ৰে'ল বাতিলৰ সিদ্ধান্তৰ বিৰুদ্ধে আৰু সকলো স্থানীয় ৰে'ল চলাচল কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত ৰঙিয়া চেম্বাৰ্চ অফ কমাৰ্চ আৰু ৰঙিয়া জিলা দাবী সমিতিৰ লগতে প্ৰাক্তন বিধায়ক অনন্ত ডেকাই অংশগ্ৰহণ কৰে । প্ৰতিবাদকাৰী সকলে ৰে'ল বিভাগৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তপ্ত কৰি তোলে ।

প্ৰতিবাদকাৰী সকলে ক্ষোভ প্ৰকাশ কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে ক'ভিড-19 ৰ বাবে অসমত 13 খনকৈ স্থানীয় ৰে'ল বন্ধ কৰাত যাত্ৰী সকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে । বিশেষকৈ ৰঙিয়াৰ পৰা গুৱাহাটীলৈ স্থানীয় ৰে'লত মাহিলী 270 টকাত অহা-যোৱা কৰিব পাৰি । কিন্তু স্থানীয় ৰে'ল বন্ধ থকাৰ বাবে বাছত দৈনিক প্ৰায় 200 টকাকৈ মাহিলী প্ৰায় 6 হাজাৰ টকা ভাড়াৰ নামত ভৰিব লগা হয় বুলি মন্তব্য কৰে ।

স্থানীয় ৰে'ল চলাচল কৰাৰ দাবীত ৰঙিয়াত প্ৰতিবাদ

লগতে পঢ়ক :মুকলি হ'ল সাংসদ নৱ কুমাৰ শৰণীয়াঃধন বিতৰণৰ অভিযোগ নস্যাৎ

শেহতীয়াভাৱে আছু আৰু অসম ৰে'ল যাত্ৰী সন্থাৰ প্ৰতিবাদৰ ফলশ্ৰুতিত সীমিত সংখ্যক যাত্ৰীৰে বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ যোৱা 'মানস ৰাইনো' যাত্ৰীবাহী ৰে'ল চলাচল কৰাৰ সিদ্ধান্ত লৈছে । কিন্তু আন সমূহ ৰে'ল চলাচল কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই বিভাগে ।

যাৰবাবে নামনি অসমৰ লগতে উজনি অসমৰ যাত্ৰী সকলে জটিল সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে । লক্ষণীয় বিষয়টো হৈছে যে, কলকতা, মুম্বাই আদিত ৰেহাই হাৰত ৰে'লযাত্ৰী সকলে ভ্ৰমণৰ সুযোগ লাভ কৰিলে যদিও অসমৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে স্থানীয় ৰে'ল চলোৱাৰ বিষয়টো সমূলি অবজ্ঞা কৰি আহিছে । এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ভূমিকাকো কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক :প্ৰতিৰক্ষা সচিব হিচাপে লইদ আষ্টিনৰ নাম আনুষ্ঠানিকভাৱে মনোনীত জ' বাইডেনৰ

ABOUT THE AUTHOR

...view details