ৰঙিয়া/কলিয়াবৰ, 5 নৱেম্বৰ : দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে বৃহস্পতিবাৰে নিশা ৰাজ্যৰ দুটাকৈ স্থানত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড(Fire) ৷ ৰঙিয়াৰ শিৱ মন্দিৰ ৰোডৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰসন্ন বৈশ্যৰ ভাড়াঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত কাপোৰৰ গুদামৰ লগতে কেইবাটাও ঘৰ ভষ্মীভূত হয় ৷
শ্বৰ্ট-চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা সন্দেহ প্ৰকাশ কৰিছে একাংশ স্থানীয় ৰাইজে ৷ দেৱালীৰ ফটকাৰ পৰা জুই জ্বলি কেইবা কোটি টকাৰ সম্পত্তি বিনষ্ট হয় । ইফালে জুই বিয়পি যোৱাত কোঠাত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে ৰাইজে । আনহাতে দৌৰিও প্ৰাণ ৰক্ষা পৰে বহুলোকৰ ৷
খবৰ দিয়াৰ পাচতো ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন কিছু পলমকৈ উপস্থিত হোৱাৰ বাবে ৰাইজ উত্তেজিত হৈ পৰে । ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ সৈতে উত্তেজিত একাংশ ৰাইজে তৰ্ক-যুদ্ধতো লিপ্ত হয় । বহু চেষ্টাৰ অন্ততহে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয় ।