ৰঙিয়া, ২৬ জুলাই:ৰাজ্যত বৰ্তমান বান পৰিস্থিতি উন্নত হৈছে যদিও কোনো কোনো স্থানত গৰাখহনীয়াই পুনৰ ভাবুকি কঢ়িয়াইছে (Flood affects Assam)। কামৰূপ জিলাৰ ৰঙিয়াত বৰলীয়া নৈৰ খহনীয়াই বহু অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে (Erosion of Baralia river in Rangia)। ৰঙিয়াৰ পূৱ তুলসীবাৰীৰ মৰাজান গাঁৱত এই খহনীয়াই চিন্তিত কৰি তুলিছে ৰাইজক (Marajan village in existential crisis)। ইতিমধ্যে খহনীয়াত অঞ্চলটোৰ ৭৫ টা পৰিয়ালৰ ঘৰ-দুৱাৰ নদীত জাহ গৈছে ।
বছৰ বছৰ ধৰি হৈ থকা খহনীয়াত গাঁওখনৰ ইতিমধ্যে কেইবা হাজাৰ বিঘা কৃষি ভূমি নৈখনত বিলীন হৈ গৈছে । প্ৰায় ডেৰ মাহ পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানৰ পাছত অঞ্চলটোৰ প্ৰায় ৭০ টা পৰিয়াল সেই ঠাইৰ পৰা আঁতৰি গৈ অন্য ঠাইত আশ্ৰয় ল'ব লগা হৈছে । প্ৰতি বছৰে অলপ অলপকৈ গাঁওখনৰ ভূমি নৈখনত জাহ গৈছে । যোৱাটো বানত নৈখন প্ৰায় ২৫০ ফুটৰ পৰা ৩০০ ফুট পৰ্যন্ত গাওঁখনৰ দিশে আগুৱাই গতি কৰাত অঞ্চলটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে ।
নৈখনে গতিপথ সলনি কৰাৰ বাবে গাওঁখনৰ একমাত্ৰ শিক্ষানুষ্ঠান তুলসীবাৰী প্ৰাথমিক বিদ্যালয়ো নৈত জাহ যাবলৈ মাত্ৰ ১০ ফুটহে বাকী আছে । যদি খহনীয়া অব্যাহত থাকে তেন্তে কিছুদিন পিছতেই অঞ্চলটোৰ প্ৰায় ১০০ টা পৰিয়ালৰ ঘৰ-মাটিৰ লগতে বিদ্যালয়খনো নদীত জাহ যোৱাটো নিশ্চিত হৈ পৰিছে ।