ৰঙিয়া,29 মে’:ৰঙিয়াৰ এইচ এণ্ড কে নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান এটাই শুকুৰবাৰে সাংবাদিকসকলৰ মাজত মাস্ক-ছেনিটাইজাৰ বিতৰণ কৰে ৷ ক'ভিডৰ সময়ত জীৱনক তুচ্ছ কৰি ৰাইজক খবৰ যোগান ধৰা সাংবাদিকসকলক উৎসাহিত কৰিবলৈ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে এই পদক্ষেপ গ্ৰহণ কৰে ৷ এইচ এণ্ড কে-ৰ মুখ্য কাৰ্যবাহী বিষয়া হেমন্ত কলিতা আৰু ভাগ্যশ্ৰী কলিতাই ৰঙিয়াৰ সাংবাদিকসকলক গামোচাৰে সন্মান জনাই সকলোকে মাস্ক, ছেনিটাইজাৰ আৰু তুলসীৰ ৰসেৰে প্ৰস্তুত কৰা ঔষধ বিনামূলীয়াকৈ যোগান ধৰে ৷ তেওঁলোকে লগতে ক’ভিডৰ প্ৰথম শ্ৰেণীৰ যোদ্ধাসকলক বিভিন্ন সামগ্ৰী প্ৰদান কৰে ।
এইচ এণ্ড কে-ৰ স্বত্বাধিকাৰী তথা কৰ্মচাৰীসকলে ৰঙিয়া মহকুমাৰ অন্তৰ্গত ক'ভিড ভেকচিন কেন্দ্ৰসমূহত বিভিন্ন সামগ্ৰী বিতৰণ কৰে । ইয়াৰ লগতে ৰঙিয়াৰ কেইবাটাও চৰকাৰী কাৰ্যালয়ত প্ৰতিষ্ঠানটোৱে ৰেডক্ৰছ ছ'চাইটি আৰু প্ৰেছ ক্লাবৰ সহযোগত বিভিন্ন সামগ্ৰী বিতৰণ কৰে । ৰঙিয়াৰ সিদ্ধিনাথ শৰ্মা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা এইচ এণ্ড কে-ৰ মুখ্য কাৰ্যবাহী বিষয়া হেমন্ত কলিতাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।