আমিনগাঁও, 28 এপ্ৰিল : লক ডাউনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা অন্য জিলাৰ লোকসকলক গৃহ জিলালৈ উভতি যাবৰ বাবে ৰাজ্য চৰকাৰে দিয়া বিশেষ শিথিলতা আঁচনিৰ অধীনত মঙলবাৰে অৰ্থাৎ চতুৰ্থ দিনাও বিভিন্ন ঠাইত আবদ্ধ হৈ থকা কেইবা শতাধিক লোক আমিনগাঁৱৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত উপস্থিত হয় ৷
আমিনগাঁৱৰ পেৰেড গ্ৰাউণ্ডত উপস্থিত কেইবা শতাধিক আবদ্ধ লোক - অনলাইন আবেদন
আমিনগাঁৱৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত চৰকাৰে ব্যৱস্থা কৰি দিয়া পৰিবহন নিগমৰ বাছেৰে মঙলবাৰে উপস্থিত বিভিন্ন জিলাত আবদ্ধ কেইবা শতাধিক লোক ৷ ইতিমধ্যে 27 এপ্ৰিললৈকে 3 হাজাৰতকৈও অধিক কামৰূপ জিলাৰ বিভিন্ন ঠাইত আবদ্ধ হৈ থকা লোকক নিজ নিজ গৃহলৈ প্ৰেৰণ কৰিছে কামৰূপ জিলা প্ৰশাসনে ।
আমিনগাঁৱৰ পেৰেড গ্ৰাউণ্ডত উপস্থিত কেইবা শতাধিক আবদ্ধ লোক
কিন্তু যিসকল যাত্ৰীয়ে অনলাইন আবেদন কৰিছিল সেইসকল যাত্ৰীক কামৰূপ জিলা প্ৰশাসনে অসমৰ বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰিব আৰু যিসকলে অনলাইন আবেদন কৰা নাছিল সেইসকল যাত্ৰীক ইতিমধ্যে ঘূৰাই পঠিয়ায় কামৰূপ জিলা প্ৰশাসনে।
লগতে পঢ়ক : জনীয়াত এহাল বৃদ্ধ দম্পতিৰ কৰুণ গাথা