নিউজ ডেস্ক,৩ জুন:ৰাজ্যত যেন ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ এটা সমাধান নোহোৱা অংক হৈ পৰিছে(Assam police against drugs) ৷ যিমানেই আৰক্ষীয়ে অপৰাধীক আটক কৰিছে, সিমানেই বেলেগ বেলেগ পদ্ধতিৰে সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আহিছে এই বৰবিহ ৷ শেহতীয়াকৈ বৃহস্পতিবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্ত চলোৱা ড্ৰাগছবিৰোধী অভিযানত আৰক্ষীৰ জালত পৰিল কেইবাটাও সৰবৰাহকাৰী । জব্দ কৰা হ'ল বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ।
অৱশ্যে এইবাৰ ড্ৰাগছবিৰোধী অভিযানত সৰিয়হৰ ডুলিতে ওলাল ভূত । ড্ৰাগছসহ গ্ৰেপ্তাৰ ৰেলৱে আৰক্ষীৰ এজন গৃহৰক্ষী জোৱান (railway police home guard jawan arrested with drugs) । বৃহস্পতিবাৰে নিশাৰ ভাগত লামডিং ৰে'ল জংচনত সাধাৰণ জনতাৰ হাতত ধৰা পৰিল গৃহৰক্ষীৰ জোৱানজন । লামডিঙৰ ইটাভাটা চাৰিআলি পঞ্চায়তৰ এ পি অঞ্জুৰাণী দাস নামৰ এগৰাকী সাহসী মহিলাৰ তৎপৰতাত ৰাইজে ড্রাগছসহ গৃহৰক্ষীৰ জোৱান পদুম দাসক আটক কৰে ।
প্ৰথমে ইটাভাটা চাৰিআলিত জোৱানজনৰ হাতত চাবোনৰ বাকচ প্ৰত্যক্ষ কৰাত সন্দেহ ওপজে অঞ্জুৰাণী দাস নামৰ মহিলাগৰাকীৰ । সেই সন্দৰ্ভত জোৱানজনক সোধাত মহিলাগৰাকীক প্ৰহাৰ কৰি পলাবলৈ চেষ্টা কৰে ধৃত পদুম দাসে । অঞ্জুৰাণী দাসে চিঞৰ-বাখৰ কৰাত অঞ্চলটোৰ ৰাইজে গৃহৰক্ষীৰ জোৱানজনক আটক কৰি লামডিং আৰক্ষীক গতাই দিয়ে । পৰৱৰ্তী সময়ত আটকাধীন জোৱানজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৬.৬২ গ্রাম ওজনৰ সন্দেহজনক ব্রাউন ছুগাৰ ।