ভাৰতীয় ৰে'লৰ মানচিত্ৰত সন্নিবিষ্ট হ'ব মঙ্গলদৈ ! - মহা স্বাস্থ্য মেলাৰ উদ্ধোধনি অনুষ্ঠান
ভাৰতীয় ৰে'লৰ মানচিত্ৰত মঙ্গলদৈক সন্নিবিষ্ট কৰাৰ দাবী পূৰণৰ আশ্বাস দিলীপ শইকীয়াৰ ৷ বাইহাটা চাৰিআলিত অনুষ্ঠিত মহা স্বাস্থ্য মেলাৰ উদ্ধোধনী অনুষ্ঠানত এই ঘোষণা সাংসদগৰাকীৰ ৷ মঙ্গলদৈত সৰু সৰু উদ্যোগ স্থাপনৰ কথাও ঘোষণা কৰে সাংসদগৰাকীয়ে ৷
কামৰূপ, 17 আগষ্টঃ ভাৰতীয় ৰে'লৰ মানচিত্ৰত মঙ্গলদৈক সন্নিবিষ্ট কৰাৰ যি দাবী আছিল সেয়া আগন্তুক দিনত ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিয়ে মঙ্গলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই । বাইহাটা চাৰিআলিৰ কমলপুৰৰ আঠগাৱত বানপীড়িত সকলৰ বাবে আয়োজন কৰা মেগা স্বাস্থ্য মেলা উদ্ধোধন কৰি এইকথা ব্যক্ত কৰে সাংসদ গৰাকীয়ে ৷ ইয়াৰোপৰি জিলা স্বাস্থ্য সমিতি কামৰূপৰ উদ্যোগত অনুষ্ঠিত কৰা মহা স্বাস্থ্য মেলাৰ উদ্ধোধনি অনুষ্ঠানত মঙ্গলদৈৰ বিভিন্ন অঞ্চলত সৰু সৰু উদ্যোগ স্থাপনৰ যি সংকল্প আছিল সেয়াও আগন্তুক দিনত ৰূপায়ণৰ লগতে বাইপাছৰ বাবে কৰি অহা মঙ্গলদৈৰ দীৰ্ঘদিনীয়া দাবীও সাংসদ গৰাকীয়ে পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ লগতে চৰকাৰৰ এনেয়ে পৰি থকা ভূমি সমূহৰ সৎ ব্যৱহাৰৰ বাবে চিন্তা চৰ্চা কৰি থকা বুলি উল্লেখ কৰে সাংসদ দিলীপ শইকীয়াই ।