অসম

assam

By

Published : Jul 7, 2020, 5:06 PM IST

ETV Bharat / state

আজাৰাত অনুস্থিত নহয় ঐতিসাহিক মনসা পূজা

কৰ'ণা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ বাবেই ৯ জুলাইৰ পৰা ১৩ জুলাইলৈ হ'ব লগীয়া আজাৰা কেওতপাৰাস্থিত শ্ৰী শ্ৰী মা মনসা মন্দিৰৰ মনসা পূজা বাতিল কৰিলে মন্দিৰ পৰিচালনা সমিতিয়ে ৷

manasha-puja-cancel-due-to-covid-19-at-ajara
আজাৰাত অনুস্থিত নহয় ঐতিসাহিক মনসা পূজা

দক্ষিণ কামৰূপ,7জুলাইঃ সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো অব্যাহত আছে কৰ'ণাৰ দ্ৰুত সংক্ৰমন । কৰ'ণা ভাইৰাছৰ সংক্ৰমন বাবে এইবাৰ ধৰ্মীয় অনুষ্ঠান সমূহ বাতিল কৰা হৈছিল । আনহাতে লক ডাউন কিছু শিথিল কৰাৰ পিছতো পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাৰ সন্ত্ৰাস । এইবাৰ কৰ'ণাৰ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হ'ল আজাৰাৰ ধৰ্মীয় অনুষ্ঠান । অহা ৯ জুলাইৰ পৰা ১৩ জুলাইলৈ হ'বলগীয়া আজাৰা কেওতপাৰাস্থিত শ্ৰী শ্ৰী মা মনসা মন্দিৰৰ মনসা পূজা বাতিল কৰিলে মন্দিৰ পৰিচালনা সমিতিয়ে । চৰকাৰৰ নীতি-নিৰ্দেশ আৰু বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হয় মনসা পূজাভাগ ।

আজাৰাত অনুস্থিত নহয় ঐতিসাহিক মনসা পূজা

উল্লেখ্য যে, আজাৰা কেওতপাৰাৰ দ্বীপৰ বিলত বহু মাছমৰীয়াৰ সৰ্প দংশনত প্ৰাণ হেৰুৱাৰ বাবে এই ১৯৭৩ চনত স্থানীয়লোক সকলে এই মনসা পূজাৰ আৰম্ভ কৰিছিল । এই পূজাত মহানগৰীৰ লগতে মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চলৰ সহস্ৰাধিক ভক্ত আহি ভিৰ কৰেহি । এইবাৰ যদিও মনসা পূজাখন অনুষ্ঠিত কৰা নহয়, তথাপিও পৰম্পৰা অনুসৰি মন্দিৰত পূজাৰীৰ দ্বাৰা অনুষ্ঠুপীয়াকৈ পালন কৰা হ'ব পূজাভাগ । ইপিনে সকলো লোককে মন্দিৰলৈ অহাৰ পৰিৱৰ্তে ঘৰৰ পদুলীমুখতে সন্ধিয়াভাগত চাকি জ্বলাই সেৱা জনাৱলৈ অনুৰোধ জনাইছে মন্দিৰ কৰ্তৃপক্ষই ।

লগতে পঢ়কঃ COVAXIN ৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে পঞ্জীয়ন আৰম্ভ ভাৰত বায়'টেকৰ

ABOUT THE AUTHOR

...view details