অসম

assam

ETV Bharat / state

ছয়গাঁৱত গৰুৰ চোৰাং সৰবৰাহকাৰীৰ আক্ৰমণত যুৱক নিহত

চিকিৎসালয়লৈ নিয়াৰ সময়তে আধা বাটতে নিহত হয় যুৱকজনৰ ৷ ঘটনাকলৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

By

Published : Nov 20, 2020, 1:16 PM IST

man-dies-in-the-attract-of-cow-smuggler
ছয়গাঁৱত চোৰাং গৰু সৰবৰাহকাৰীৰ আক্ৰমণত যুৱক নিহত

বকো, 20 নৱেম্বৰ: বকো ছয়গাঁৱৰ হাতীপাৰাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৷ গৰুৰ চোৰাং সৰবৰাহকাৰীৰ আক্ৰমণত নিহত হয় ছিৰাজুল হক নামৰ এজন যুৱক ৷ হাতীপাৰাত আয়োজিত কাবাদী খেলৰ বাবে বৰঙণি সংগ্ৰহৰ সময়তে সংঘটিত হয় এই অঘটন ৷

ছয়গাঁৱত চোৰাং গৰু সৰবৰাহকাৰীৰ আক্ৰমণত যুৱক নিহত

উল্লেখ্য যে, আক্ৰমণকাৰীৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন ৷ ইয়াৰ পাছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় যুৱকজনৰ ৷ এফালে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আক্ৰমণকাৰী দুজন যুৱকে ৷ ঘটনাক লৈ অঞ্চলজুৰি অব্যাহত আছে চেপা উত্তেজনা ৷ আক্ৰমণকাৰীৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত ৷

লগতে পঢ়কঃফাট মেলিল বিজেপি আৰু বিপিএফৰ মিত্ৰতাত !

ABOUT THE AUTHOR

...view details