অসম

assam

ETV Bharat / state

Maghi purnima mahotsav: ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন মাঘী পূৰ্ণিমা - কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা

ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন কৰা হয় মাঘী পূৰ্ণিমা (Maghi Purnima Mela commences across Assam) ৷ ৰাজ্যৰ মেলা আয়োজন স্থলীসমূহত অগনন ভক্তৰ সমাগম ৷ দিনটো উপবাসে থাকি নেদেখা জনক সেৱা আগবঢ়ালে ভক্তসকলে ৷

Maghi purnima mahotsav
ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন মাঘী পূৰ্ণিমা

By

Published : Feb 16, 2022, 10:31 PM IST

কলিয়াবৰ/বাইহাটা : হিন্দু সনাতন ধৰ্মত মাঘ আৰু ফাগুন মাহৰ আছে বিশেষ গুৰুত্ব । মাঘ মাহ আহিলেই ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা যায় কিছুমান বিশেষ উৎসৱ Maghi Purnima Mela commences across Assam) । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে অবিভক্ত কামৰূপ জিলাৰ সত্ৰ, নামঘৰ বা মন্দিৰসমূহত সবাহ মহোৎসৱ আয়োজন কৰা পৰিলক্ষিত হয় ।

বিগত বৰ্ষবোৰৰ দৰে এইবাৰো কামৰূপৰ বাইহাটা চাৰিআলিত দেখা গ’ল সবাহ মহোৎসৱ আয়োজনৰ দৃশ্য । বাইহাটা চাৰিআলিৰ দ্বিগুণপাৰৰ লেজাত পালন কৰা হ’ল মাঘী পূৰ্ণিমা উৎসৱ, য’ত অগনন ভক্তৰ সমাগম পৰিলক্ষিত হয় ৷

উল্লেখ্য যে, মাঘ মাহৰ পবিত্ৰ পূৰ্ণিমা তিথিৰ দিনা অনুষ্ঠিত হয় এই ধৰ্মীয় মহোৎসৱ । দিনটো উপবাসে থাকি ভক্তিসকলে সেৱা আগবঢ়ায় নেদেখাজনক । মাঘী পূৰ্ণিমা মহোৎসৱৰ কাৰ্যসূচীত ত্ৰিজ্যোতি প্ৰজ্বলন কৰি সেৱা আগবঢ়ালে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন মাঘী পূৰ্ণিমা

একে ধৰণে হৰিনামৰ ধ্বনিৰে উখল-মাখল হৈ উঠিল কলিয়াবৰৰ ভড়ালী নামঘৰ প্ৰাংগন ৷ প্ৰত্যেক বছৰৰ দৰে এই বৰ্ষতো ভঁড়ালী নামঘৰত পালন কৰা হয় মাঘী পূৰ্ণিমা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ সমাগমৰে উদুলি-মুদুলি হৈ পৰিছে ভঁড়ালী নামঘৰ প্ৰাংগন । পুৱাৰ পৰাই নাম-প্ৰসংগ, ভক্তি আৰাধনাৰে মুখৰিত হৈ পৰে ভড়ালী নামঘৰ ।

লগতে পঢ়ক :Ali Ai Ligang : ফাগুণৰ বোকোচাত উঠি আহিল হেঁপাহৰ লৃগাং

ABOUT THE AUTHOR

...view details