নিউজ ডেস্ক, 27 আগষ্ট :আজি মহাপুৰষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি ৷ 1596 চনত কোচবিহাৰৰ ভেলা সত্ৰত দেহাৱসান ঘটিছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৷ জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা ৷ গোটেই জীৱনটো তেওঁ গভীৰ জ্ঞানৰ অন্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল ।
মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হ’বলৈ উৎসাহ দিছিল । ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল ‘নামঘোষা’ । এহেজাৰটা ঘোষা থকা বাবে নামঘোষাক ‘হেজাৰী ঘোষা’ বুলিও কোৱা হয় ।
মাধৱদেৱে একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল । মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি এঘাৰটা (এশ একান্নবৈটা) মান গীতহে উপলব্ধ ।