অসম

assam

ETV Bharat / state

Lt Gen Rana Pratap Kalita : নৱ প্ৰজন্মৰ বাবে কাম কৰিবলৈ আগ্ৰহী লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতা - Lt Gen Rana Pratap Kalita

ৰঙিয়াত লেফ্টেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক সম্বৰ্ধনা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ (Lt Gen Rana Pratap Kalita felicitated at Rangia)। এক মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে সপোন বাস্তৱত পৰিণত কৰিবলৈ কঠোৰ পৰিশ্ৰম আৰু সাধনা কৰা প্ৰয়োজন ।

Raslila at Rangia
নৱ প্ৰজন্মৰ বাবে কাম কৰিবলৈ আগ্ৰহী ৰাণা প্ৰতাপ কলিতা

By

Published : Nov 6, 2022, 10:04 AM IST

ৰঙিয়া, ৬ নৱেম্বৰ:ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জিঅ'চি লেফটেনেন্ট জেনেৰেল (GoC Eastern Command Lt Gen Rana Pratap Kalita) ৰাণা প্ৰতাপ কলিতাই শনিবাৰে ৰঙিয়াত আয়োজিত এক কাৰ্যসূচীত উপস্থিত অংশগ্ৰহণ কৰে । দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক ৰাস মহোৎসৱৰ প্ৰাক্ মুহূৰ্তত লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Rana Pratap Kalita felicitated in Rangia) ।

জন্মস্থানত এনেদৰে বিশেষ কাৰ্যসূচীত উপস্থিত থাকিবলৈ পায় অভিভূত হৈ পৰে সেনাৰ উচ্চ পদস্থ বিষয়া ৰাণা প্ৰতাপ কলিতা (General Officer Commanding of Eastern Command) । তেওঁ এই সম্বৰ্ধনাত আয়োজিত এক মতবিনিময় অনুষ্ঠানতো অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানত ছাত্ৰাৱস্থাৰ বিষয়ে উল্লেখ কৰি নষ্টালজিক হৈ পৰে । বিষয়াগৰাকীয়ে গাঁওবাসীৰ মৰম আৰু আশীৰ্বাদৰ বাবেই আজি এনে ঈন্সিত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ল বুলি উল্লেখ কৰি আৱেগিক হৈ পৰে ।

নৱ প্ৰজন্মৰ বাবে কাম কৰিবলৈ আগ্ৰহী ৰাণা প্ৰতাপ কলিতা

সেনাৰ উচ্চ পদস্থ বিষয়াগৰাকীয়ে কয় যে তাৰ প্ৰতিদানস্বৰূপে এতিয়া তেওঁ নতুন প্ৰজন্মৰ বাবে কাম কৰিবলৈ উদগ্ৰীৱ হৈ আছে । জীৱনত সফল হ'বলৈ সকলোৱে সৰুতে সপোন দেখা উচিত আৰু সেই সপোনটো বাস্তৱত পৰিণত কৰিবলৈ কঠোৰ পৰিশ্ৰম আৰু সাধনা কৰা প্ৰয়োজন বুলি উল্লেখ কৰে (Gynaecologist Dr Hitendra Kalita)।

উক্ত সভাখনত একেখন গাঁৱৰে বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ হিতেন্দ্ৰ কলিতাই ৰাণাপ্রতাপ কলিতাক প্রশংসা কৰি কয় যে, উচ্চপদস্থ সেনা বিষয়া হৈও তেওঁ শান্ত-শিষ্ট , নিৰহংকাৰী আৰু সহৃদয়শীল । এয়া সম্ভৱ হৈছে একমাত্ৰ তেওঁৰ সামাজিক আৰু আধ্যাত্মিক সংস্কাৰৰ বাবে । তেওঁৰ ব্যক্তিত্বৰ মাজত সোমাই থকা এই আদর্শবোৰ নতুন প্ৰজন্মই অনুসৰণ কৰা উচিত বুলি ডাঃ হিতেন্দ্ৰ কলিতাই কয় ।

মুকেশ লহকৰে আঁত ধৰা এই অনুষ্ঠানটোত দক্ষিণ-পশ্চিম ৰঙিয়া আঞ্চলিক হৰিমন্দিৰ সমিতি,পূব ৰঙিয়া জগদ্ধাত্রী পূজা সমিতি,হৰদত্ত বীৰদত্ত হাইস্কুল,দক্ষিণ-পশ্চিম ৰঙিয়া ৰাস মহোৎসৱ সমিতি, ৰণদিয়া (শতদল) সাহিত্য সভা, সংগীত গ্রুপ অব্ ক্রিয়েচন আদি অনুষ্ঠানে সেনা বিষয়াগৰাকীক সম্বর্ধনা জ্ঞাপন কৰে । উক্ত অনুষ্ঠানটোত হৰিমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সমীন্দ্ৰ নাথ বৈশ্য, প্রাক্তন সভাপতি গোলোক বৈশ্য আদিও উপস্থিত থাকে ।

লগতে পঢ়ক:Awareness Rally in Darrang : দৰং জিলাত চলিত বৰ্ষৰ দুৰ্ঘটনাত ৬৯ গৰাকীৰ মৃত্যু, ১৮১ গৰাকী আহত

ABOUT THE AUTHOR

...view details