অসম

assam

ETV Bharat / state

লক ডাউন ঘোষণাৰ দিনাই ফেচবুকৰ প্ৰেমিকাক বিচাৰি অসম পালেহি ৰাজস্থানৰ যুৱক - অসমলৈ আহি বিপদত পৰিল ৰাজস্থানৰ যুৱক

ফেচবুকৰ প্ৰেমিকাক বিচাৰি লক ডাউন ঘোষণাৰ দিনাই অসমলৈ আহি বিপদত পৰিল ৰাজস্থানৰ যুৱক ৷ মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফেচবুকৰ প্ৰেমিকাজনী বিবাহিতা বুলি ইয়ালৈ আহি গম পালে যুৱকজনে ৷

ফেচবুকৰ প্ৰেমিকাক বিচাৰি অসম পালেহি ৰাজস্থানৰ যুৱক
ফেচবুকৰ প্ৰেমিকাক বিচাৰি অসম পালেহি ৰাজস্থানৰ যুৱক

By

Published : Mar 26, 2020, 10:19 PM IST

বকো, 26 মাৰ্চঃলক ডাউন ঘোষণাৰ দিনাই ফেচবুকৰ প্ৰেমিকাক বিচাৰি অসমলৈ আহি বিপদত পৰিল ৰাজস্থানৰ এজন প্ৰেমিক যুৱক ৷ কিন্তু প্ৰেমিকাই লগ কৰাটো দূৰৰে কথা, প্ৰেমিকাই ওলোটাই বন্ধ কৰি থলে নিজৰ মোবাইল ৷ যাৰ বাবে এতিয়া যুৱক জনক দেখি কৰ'ণাতংকত ভুগিছে বকোৰ স্থানীয় লোক ৷ ৰে'লযোগে আহি যুৱকজন উপস্থিত হয়হি ছয়গাঁওস্থিত বামুণীগাঁৱৰ ৰে'ল ষ্টেচনত ৷ কিন্তু অসমলৈ আহিয়েই প্ৰেমিকালৈ ফোন কৰি পালে চুইট্ছ অফ ৷ মূৰৰ ওপৰত সৰগ ভাগি পৰা যুৱকজন এতিয়া ঘুৰি যাব পৰা নাই ঘৰলৈয়ো ৷ কিয়নো ইতিমধ্য কৰ'ণা ভাইৰাছৰ বাবে ব্যাহত হৈ পৰিছে ৰে'ল আৰু বিমান চলাচল ৷

লক ডাউন ঘোষণাৰ দিনাই ফেচবুকৰ প্ৰেমিকাক বিচাৰি অসম পালেহি ৰাজস্থানৰ যুৱক

অৱশেষত উপায়ন্তৰ হৈ প্ৰেমিকাৰ বান্ধৱীলৈ ফোন কৰিলে যুৱকজনে ৷ প্ৰেমিকাৰ বান্ধৱী কেইগৰাকীমান আহি যুৱকজনক থাকিবলৈ ভাড়াঘৰ এটা ঠিক কৰি দিলে বকোৰ কঠালমুৰীত ৷ কিন্তু কথা ইমানতে শেষ নহ'ল ৷ হঠাৎ কাহিবলৈ ধৰিলে যুৱকজনে ৷ ৰাইজৰ মাজত হুৱাদুৱা লাগিল বহিঃৰাজ্যৰ যুৱকজনক লৈ ৷ খবৰ দিয়া হ'ল আৰক্ষীৰ লগতে চিকিৎসাকৰ্মীক ৷ পৰীক্ষা কৰা হ'ল যদিও ভয় কৰাৰ কোনো তথ্য নোলাল পৰীক্ষাত অন্তত ৷ ইয়াৰোপৰি মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ফেচবুকৰ প্ৰেমিকাজনীও বিবাহিতা বুলি গম পালে ইয়ালৈ আহি ৷ যাৰ বাবে বৰ্তমান উপায়ন্তৰ হৈ পৰিছে ৰাজস্থানৰ গংগানগৰৰ নিবাসী মনমোহন সিং নামৰ যুৱকজন ৷

লগতে পঢ়কঃশিৱসাগৰত ল’ক ডাউন অমান্য একাংশ জনসাধাৰনৰ

ABOUT THE AUTHOR

...view details