ৰঙিয়া, 24 মে': লক ডাউনৰ মাজতে ৰঙিয়াৰ লাচি বিষ্ণুপুৰত হাতত আইন তুলি ললে একাংশ ৰাইজে ৷ গৰু চুৰি কৰাৰ অপৰাধত এজন যুৱকক আক্ৰমণ প্ৰায় 40 জনীয়া এটা দলৰ ৷ পথাৰৰ পৰা গৰু চুৰি কৰাৰ অপৰাধত যুৱকজনৰ ওপৰত আক্ৰমণ চলালে উত্তেজিত ৰাইজে ৷ অৱশেষত ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
ৰঙিয়াত লক ডাউনৰ নিয়ম উলংঘা একাংশ ৰাইজৰ - Lockdown rule break at Rangia
গৰু চুৰি কৰাৰ অপৰাধত এজন যুৱকক আক্ৰমণ প্ৰায় 40 জনীয়া এটা দলৰ ৷ পথাৰৰ পৰা গৰু চুৰি কৰাৰ অপৰাধত যুৱকজনৰ ওপৰত আক্ৰমণ চলালে উত্তেজিত ৰাইজে ৷

ৰঙিয়াত লক ডাউনৰ নিয়ম উলংঘা একাংশ ৰাইজৰ
ৰঙিয়াত লক ডাউনৰ নিয়ম উলংঘা একাংশ ৰাইজৰ
উল্লেখ্য যে, যুৱকজনক আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীয়ে যুৱকজনক ৰক্ষণাবেক্ষণ দিয়া বুলি কঞা থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ লোকে ৷ লকডাউন ভংগ কৰি আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হয় লকডাউন ভংগকাৰী লোকসকল ৷ দেশত বাহাল থকা লক ডাউনৰ মাজতে এই ঘটনাৰ পাছতে এতিয়া চিন্তাত পেলাইছে সচেতন মহলক ৷
লগতে পঢ়কঃকৰ'ণাক পৰাভূত কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পোৱা ৬৬ বছৰীয়া বৃদ্ধৰ