আমিনগাঁও, 16 মে’: আমিনগাঁৱত শনিবাৰে লক ডাউন উলংঘা । ৰন্ধন গেছক লৈ ৰাইজৰ মাজত হেতা-ওপৰা । একাংশ আমিনগাঁওবাসীৰ মাজত নাই সামাজিক ব্যৱধান, পৰিধান কৰা নাই মাস্ক ৷
লক ডাউন ভংগ : আমিনগাঁৱত ৰন্ধন গেছক লৈ হেতা-ওপৰা একাংশৰ - ৰন্ধন গেছক লৈ হেতা-ওপৰা
আমিনগাঁৱত একাংশ ৰাইজৰ মাজত ৰন্ধন গেছক লৈ হেতা-ওপৰা । সামাজিক দূৰত্ব বৰ্তাই নাৰাখি প্ৰিয়ম গেছ ছাৰ্ভিচে লক ডাউনৰ সময়তো ৰন্ধন গেছ বিতৰণ কৰা কাৰ্যত ক্ষোভ উজাৰিছে সচেতন মহলে ৷
আমিনগাঁৱত ৰন্ধন গেছক লৈ হেতা-ওপৰা একাংশৰ
ইয়াৰ লগতে, ঘটনাস্থলীত দেখা নগ’ল আৰক্ষী-প্ৰশাসন ৷ উল্লেখ্য যে, উত্তৰ গুৱাহাটীৰ প্ৰিয়ম গেছ ছাৰ্ভিচে লক ডাউনৰ সময়তো ৰন্ধন গেছ বিতৰণ কৰা কাৰ্যক লৈ ক্ষুদ্ধ হৈ পৰিছে সচেতন ৰাইজ ।
লগতে পঢ়ক : মৰিয়নীত উপস্থিত বহিঃৰাজ্যত আৱদ্ধ অসমীয়া