ৰঙিয়া,23 আগষ্ট: লক ডাউনৰ বাবে প্ৰভাৱিত হৈছে ৰাজ্যৰ মৃৎ শিল্পীসকল ৷ কৰ’ণা আতংকৰ মাজতে সমাগত শৰৎকাল ৷ এই শৰৎ কালতে প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে শাৰদীয় দুৰ্গোৎসৱ ৷ এইবৰ্ষৰ দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী ৷ দুৰ্গোৎসৱৰ পূৰ্বে প্ৰতিবাৰে এই সময়ত ব্যস্ততা বাঢ়ে মৃৎ শিল্পীসকলৰ ৷ শিল্পীসকল ব্যস্ত হৈ পৰে দেৱ-দেৱীৰ মৃণ্ময় মূৰ্তি বনোৱাত ৷ কিন্তু এইবছৰ কৰ'ণাৰ আতংকৰ বাবে বহু পৰিমাণে প্ৰভাৱিত হৈছে শিল্পীসকল । বিশেষকৈ গণেশ চতুৰ্থী, ঝুলনযাত্ৰা, মনসা পূজা আদিত শিল্পীসকলে বিক্ৰী কৰিব নোৱাৰিলে মূৰ্তি ৷
লক ডাউনৰ বাবে ক্ষতিগ্ৰস্ত মৃৎ শিল্পীসকল - Lock Down
দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী ৷ দুৰ্গোৎসৱৰ পূৰ্বে প্ৰতিবাৰে এই সময়ত ব্যস্ততা বাঢ়ে মৃৎ শিল্পীসকলৰ ৷ শিল্পীসকল ব্যস্ত হৈ পৰে দেৱ-দেৱীৰ মৃণ্ময় মূৰ্তি বনোৱাত ৷ কিন্তু এইবছৰ কৰ'ণাৰ আতংকৰ বাবে বহু পৰিমাণে প্ৰভাৱিত হৈছে শিল্পীসকল ।
লক ডাউনৰ বাবে ক্ষতিগ্ৰস্ত মৃৎ শিল্পীসকল
তদুপৰি পৰৱৰ্তী উৎসৱ,পূজা-পাৰ্বণৰ বাবে পূৰ্বৰ দৰে নাই কমিটীসমূহৰ উৎসাহ ৷ বছৰৰ এই সময়খিনিতে মূৰ্তি সাজি গোটেই বছৰটোলৈ উপাৰ্জন কৰা শিল্পীসকলে বৰ্তমান মুৰে-কপালে হাত দিবলগীয়া হৈছে । ইফালে চৰকাৰী সাহায্য হিচাপেও বিশেষ সহায় লাভ কৰা নাই এইসকল লোকে । সেয়ে শিল্পীসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক এইক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে মৃৎ শিল্পীসকলে ৷