অসম

assam

ETV Bharat / state

সুদিন ঘূৰি আহিবনে এপ’ল’ৰ কৰ্মচাৰীসকললৈ !

দীৰ্ঘদিনীয়া লক্​ ডাউনে ক্ষতিসাধন কৰিছে সমাজৰ সকলো শ্ৰেণীৰ লোককে ৷ বিশেষকৈ উদ্যোগসমূহ বন্ধ হোৱাত জীৱনৰ যুঁজ আগুৱাই নিয়াত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে একাংশ শ্ৰমিক তথা কৰ্মচাৰী ৷

By

Published : May 12, 2020, 12:57 PM IST

Lock down effect on apollo mill rangia kamrup assam etv bharat news
খাদ্য সংকটত এপল’ মিলৰ কৰ্মচাৰী

ৰঙিয়া,12 মে’:লক্​ ডাউনৰ পূৰ্ণ প্ৰভাৱ পৰিছে কামৰূপৰ ৰঙিয়াস্থিত এপল’ মিলৰ শ্ৰমিক-কৰ্মচাৰীৰ ওপৰত ৷ নূন্যতম খাদ্য সামগ্ৰীৰ বাবে বৰ্তমান হাহাকাৰ কৰিবলগীয়া হৈছে মিলটোৰ প্ৰতিজন কৰ্মচাৰীয়ে ৷ প্ৰায় 500 জন কৰ্মচাৰী সম্প্ৰতি লক্​ ডাউনৰ বাবে উপাৰ্জনহীন হোৱাত জীৱনৰ প্ৰতি চৰম প্ৰত্যাহ্বান নামি আহিছে ৷

খাদ্য সংকটত এপল’ মিলৰ কৰ্মচাৰী

উল্লেখ্য যে,বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত এসময়ত বিশেষ অৰিহণা আগবঢ়োৱা এপল’ মিল বিগত প্ৰায় চাৰি বছৰে বন্ধ হৈ আছিল ৷ উক্ত সময়ছোৱাত উপায়ন্তৰ শ্ৰমিক-কৰ্মচাৰীয়ে দিন-হাজিৰা কৰি পেট প্ৰৱৰ্তাবলৈ বাধ্য হৈছিল ৷ পৰৱৰ্তী সময়ত পেটে-ভাতে খাই থকা কৰ্মচাৰীসকলক লক্​ ডাউনে বাৰুকৈয়ে ক্ষতি কৰে ৷ সেয়ে দুৰ্ভগীয়া শ্ৰমিক-কৰ্মচাৰীসকলে চৰকাৰক এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰি পৰিয়ালকেইটিক খাদ্য়ৰ লগতে অত্যাৱশ্য়কীয় সামগ্ৰী যোগান ধৰিবলৈ আহ্বান জনাইছে ৷

লগতে চাওকঃমুম্বাইৰ পৰা আহি জন্মভূমিত উপস্থিত জুবিন গাৰ্গ

ABOUT THE AUTHOR

...view details