ৰঙিয়া,22 জুন:ৰাজ্যত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱা ঘটনা নতুন হয় ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা যায় ৷ এইবাৰ তেনে এক ঘটনা সংঘটিত হৈছে কামৰূপ (kamrup district) জিলাৰ ৰঙিয়াত ৷ অভিযোগ অনুসৰি, ৰঙিয়াৰ দক্ষিণ বৰদলত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷
উল্লেখযোগ্য যে, পথ নিৰ্মাণৰ কিছুদিন পাচতে চপৰা চপৰে গড়কাপ্তানী পথ খহাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে । অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰা বাবে পথ নিৰ্মাণ সম্পূৰ্ণ নহওতেই গড়কাপ্তানী পথটো জহি খহি গৈছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । সম্প্ৰতি অঞ্চলটোৰ ৰাইজ পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৷
স্থানীয় ৰাইজৰ অভিযোগ দীৰ্ঘদিনীয়া সমস্যাৰে ভাৰাক্ৰান্ত অঞ্চলটোৱে বহু অপেক্ষাৰ অন্তত লোক নিৰ্মাণ বিভাগৰ পৰা পথটো লাভ কৰিছিল । কিন্তু, ঠিকাদাৰে নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে পথতো নিৰ্মাণৰ কিছু দিনৰ পাচতে চপৰা-চপৰে খহি গৈছে । উপায়ন্তৰ হৈ স্থানীয় ৰাইজে পথটো নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৷