অসম

assam

ETV Bharat / state

ৰাজপথত এদিন আন্দোলন কৰিলেই ৰাইজে ভোট নিদিয়ে : মন্ত্ৰী ভৱেশ কলিতা

ৰঙিয়াৰ ডিমুৰ এটা পথৰ আধাৰশিলা স্থাপন কৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয়, আঞ্চলিকতাবাদৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা নাই ৷ ইফালে, দিনক দিনে বিজেপিৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা বাঢ়িছে মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী ভৱেশ কলিতাই ৷

Local MLA and Minister Bhavesh Kalita laid the foundation stone of a ro
ৰাজপথত এদিন আন্দোলন কৰিলেই ৰাইজে ভোট নিদিয়ে

By

Published : Jan 5, 2021, 2:15 PM IST

কামৰূপ, 5 জানুৱাৰী : আঞ্চলিকতাবাদৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা নাই ৷ ৰঙিয়াৰ ডিমুৰ এটা পথৰ আধাৰশিলা স্থাপন কৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই এই মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয় বিজেপিক প্ৰতিহত কৰিবলৈ যিমানেই আঞ্চলিকতাবাদী দল সমূহে কুচকাৱাজ চলাইছে সিমানেই অসমৰ ৰাইজৰ বিজেপি প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে ৷

ইয়াৰ সামন্তৰালভাৱে অসম গণ পৰিষদ চৰকাৰৰ দিনত হাতত কাঁহী-বাতি লৈ দিছপুৰত আন্দোলন কৰি তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে আৰক্ষীৰ হাতত মাৰ খাইছিল বুলি মন্তব্য প্ৰকাশ কৰে ভৱেশ কলিতাই ৷ তেওঁ কয়, ৰাজপথত এদিন আন্দোলন কৰিলেই ৰাইজে ভোট নিদিয়ে ৷

ৰাজপথত এদিন আন্দোলন কৰিলেই ৰাইজে ভোট নিদিয়ে

উল্লেখ্য যে, অসম জাতীয় পৰিষদকো তীব্ৰ সমালোচনা কৰে ভৱেশ কলিতাই ৷ অসম জাতীয় পৰিষদে নিৰ্বাচনৰ পিছত নিবনুৱাক পাঁচ হাজাৰ টকা দিয়াৰ প্ৰতিশ্ৰুতি গছত কঠাল ওঠত তেল, নৌ খাওঁতে চেলবেল বুলি ধেমেলীয়া ভাৱেৰে মন্তব্য প্ৰকাশ কৰে । ইফালে কংগ্ৰেছ আৰু এআইইউডিএফ দলে সমাগত বিধান সভা নিৰ্বাচনত ১৫ ৰ পৰা ১৭ খন আসনতে সীমাবদ্ধ থাকিব বুলি মন্ত্ৰী ভৱেশ কলিতাই এক প্ৰত্যাহ্বামূলক মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: আজি কোচি-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

ABOUT THE AUTHOR

...view details