অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Jan 8, 2020, 10:57 PM IST

Updated : Jan 9, 2020, 12:01 AM IST

ডিমৰীয়াত
খিলঞ্জীয়াৰ বিক্ষোভ

23:56 January 08

ডিমৰীয়া আছুৰ উদ্যোগত কা বাতিলৰ দাবীত খিলঞ্জীয়াৰ ৰণডংকা কাৰ্যসূচী

মানস ৰবীনৰ অংশগ্ৰহণ

গুৱাহাটী, 8 জানুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ৩০ টা জনগোষ্ঠীয় সংগঠন আৰু শিল্পী সমাজৰ আহ্বানত বুধবাৰে ধোপগুৰিত খিলঞ্জীয়াৰ ৰণডংকা কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ এই কাৰ্যসূচীৰ আঁত ধৰে ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই ৷ ধোপগুৰিৰ ডিমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ কাৰ্যসূচীটোত অংশগ্ৰহণ কৰে স্থানীয় ৰাইজে ৷ প্ৰতিবাদী ৰাইজে "বিজেপি চৰকাৰ হায় হায়,কা আমি নামানো,কা আমাক নালাগে,সৰ্বানন্দ সোণোৱাল হায় হায়,হিমন্ত বিশ্ব শৰ্মা হায় হায়" আদি শ্লোগানৰে উত্তাল কৰি তোলে পৰিৱেশ ৷
ইয়াৰ লগতে অনুষ্ঠানটোত অংশ লয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান,আছুৰ কেন্দ্ৰীয় সভাপতি দীপাংক কুমাৰ নাথ,শিল্পী মানস ৰবীনকে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তিয়ে ৷

20:13 January 08

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমীয়া জাতিৰ চৰ্দাৰ নহয়ঃপলাশ চাংমাই

চৰকাৰক কঠোৰ সমালোচনা

টিংখাং, 8 জানুৱাৰীঃ ৰাজ্যৰ গাঁৱে-ভূঞে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অব্যাহত প্ৰতিবাদৰ জুই । প্ৰতিদিনে বিভিন্ন অঞ্চলত অনুষ্ঠিত হৈ আছে প্ৰতিবাদী কাৰ্যসূচী ৷ বুধবাৰে টিংখাঙৰ ৰাজগড়ত পৰিলক্ষিত হয় কা বিৰোধী গণ হুংকাৰ ৷ অসম জাতীয়বাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰাজগড় আঞ্চলিক সমিতিৰ উদ্যোগত আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ আদিবাসী ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনৰ সহযোগত অনুষ্ঠিত হয় বিশাল প্ৰতিবাদী কাৰ্যসূচী ৷

প্ৰতিবাদস্থলীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাইৰ লগতে দল-সংগঠনসমূহৰ বিষয়ববীয়াসকলে ভাষণ প্ৰদান কৰে ৷ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰদান কৰা ভাষণত আন্দোলন অব্যাহত থাকিব বুলি উল্লেখ কৰে চাংমাই ৷ লগতে চৰকাৰক কঠোৰ সমালোচনা কৰি সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহ অসমীয়াৰ ত্ৰাণকৰ্তা নহয় বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷ ইয়াৰোপৰি কাৰাবন্দী কৃষক মুক্তিৰ নেতা অখিল গগৈৰ লগতে আন আন্দোলনকাৰী নেতাসকলক মুক্তিৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ৷

লগতে চাওকঃৰাজধানী দিছপুৰত লোমহৰ্ষক হত্যাকাণ্ড আৰু ডকাইতি

Last Updated : Jan 9, 2020, 12:01 AM IST

ABOUT THE AUTHOR

...view details