অসম

assam

ETV Bharat / state

বকোত জব্দ 42 কাৰ্টুন অবৈধ সুৰা - Liquor sezied by anti corruption at Boko

বামুণীগাঁৱত আৱকাৰী, দুৰ্নীতি নিৱাৰক শাখা আৰু আৰক্ষীৰ যৌথ অভিযান ৷ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা ৷

বকোত জব্দ 42 কাৰ্টুন অবৈধ সুৰা
বকোত জব্দ 42 কাৰ্টুন অবৈধ সুৰা

By

Published : Feb 11, 2020, 4:24 AM IST

বকো, 11 ফেব্ৰুৱাৰীঃ বকো আৰক্ষী থানাৰ অন্তৰ্গত বামুণীগাঁৱত আৱকাৰী বিভাগ, দুৰ্নীতি নিৱাৰক শাখা আৰু আৰক্ষীৰ যৌথ অভিযান ৷ বামুণীগাঁৱৰ কুখ্যাত সুৰা ব্যৱসায়ী বিজয় কলিতাৰ গৃহ, গেলামালৰ দোকান আৰু গুডাউনত অভিযান চলাই অভিযানকাৰী দলেটোৱে ৷ অভিযানত বৃহৎ সাফল্য দলটোৰ ৷

বামুণীগাঁৱত যৌথ অভিযান, জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

দেওবাৰে নিশা চলোৱা এই অভিযানত 42 কাৰ্টুন সুৰা জব্দ কৰাৰ লগতে সোমবাৰে দিনৰ ভাগত অভিযান চলাই 112 টা সুৰাৰ বটল জব্দ কৰে । ইয়াৰে 10 কাৰ্টুন অৰুণাচলী সুৰা । অৱশ্যে অভিযানকাৰী দলে অবৈধ ব্যৱসায়ী বিজয় কলিতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল । দীৰ্ঘদিন ধৰি অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছিল বিজয় কলিতাই ।

ABOUT THE AUTHOR

...view details