বকো, 10 জুলাই :ৰাজ্যৰ অন্য প্ৰান্তত অব্যাহত আছে নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান ৷ অসম আৰক্ষীৰ চলি থকা বিভিন্ন নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযানৰ মাজতে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীত শুকুৰবাৰে নিশা আৰক্ষীৰ অভিযান । আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ বিলাতী সুৰা ।
ছয়গাঁৱৰ গৰৈমাৰী বজাৰৰ উত্তম বসাক নামৰ সুৰা ব্যৱসায়ী গৰাকীয়ে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি অবৈধভাৱে চলাই আহিছিল সুৰাৰ বেহা । ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত চলা অভিযানত উত্তম বসাকৰ ঘৰৰ পৰা বিলাতী সুৰা জব্দ কৰা হয় । এই অভিযানত জব্দ কৃত সুৰাৰ লগতে ব্যৱসায়ী উত্তম বসাকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ।
বিগত জুন মাহত অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে দেৰগাঁও আৰক্ষীয়ে ৷ অভিযোগ অনুসৰি চুলাই ট্ৰেজেদীৰ পাচতো গোলাঘাট জিলাৰ বিভিন্ন ঠাইত অবৈধভাৱে বিলাতী সুৰাৰ লগতে চুলাই মদৰ অবৈধ ব্যৱসায় অব্যাহত আছিল ৷ সেই অনুসৰি দেৰগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে এক অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা সহ এগৰাকী মহিলাক আটক কৰে ৷