ৰঙিয়া,17 এপ্ৰিল:ৰঙিয়াৰ মধুকুছিত বজ্ৰ পৰি দপদপকৈ জ্বলি উঠিল নাৰিকল গছ । সেই সময়ত প্ৰচণ্ড ধুমুহা বৰষুণ অব্যাহত আছিল । ধুমুহা-বৰষুণৰ এক আতংকময় পৰিবেশৰ মাজতেই শুকুৰবাৰে বিয়লি মধুকুছি অঞ্চলত সংঘটিত হয় এই অঘটনটো ।
ৰঙিয়াত বজ্ৰ পৰি জ্বলিল নাৰিকল গছ - lighting strike
ৰঙিয়াৰ মধুকুছিত বজ্ৰ পৰি দপদপকৈ জ্বলি উঠিল নাৰিকল গছ । ঘটনাৰ শিহৰণকাৰী দৃশ্যৰ বিৱৰণ শুনক প্ৰত্যক্ষদৰ্শীৰ মুখেৰেই...
ৰঙিয়াত ব্ৰজ্ৰপাত পৰি জ্বলিল নাৰিকলৰ গছ; প্ৰত্যক্ষদৰ্শীয়ে দিলে বৰ্ণনা
উল্লেখ্য যে, অঞ্চলটোৰ কেইবাঠাইতো বজ্ৰ পৰাত কোনোমতে প্ৰাণ ৰক্ষা পৰে কেইবাটাও পৰিয়ালৰ । একাংশ লোকে জুই নিৰ্বাপন কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল, যদিও প্ৰকৃতিৰ ওচৰত হাৰ মানে সকলোৱে । পৰৱৰ্তী সময়ত ধাৰাসাৰ বৰষুণ দিয়াত জুই নিৰ্বাপিত হয় ।
লগতে পঢ়ক: ৰঙিয়াৰ মধুকুছিত বজ্ৰ পৰি দপ দপকৈ জ্বলি উঠিল নাৰিকল গছ