অসম

assam

ETV Bharat / state

সুৰীয়া মনজিতৰ জীৱন সংগ্ৰাম - ভূপেন হাজৰিকা

দৰিদ্ৰতাই কোঙা কৰা এজন যুৱক ৷ তথাপি হাৰ নমনা এইজন যুৱকে অশেষ পৰিশ্ৰমৰ লগতে চলাই নিছে নিজৰ সংগীত সাধনা ৷ শুৱালকুছিৰ মনজিৎ কাশ্যপ নামৰ শিল্পীসুলভ মনৰ এই যুৱকজনে আমিনগাঁৰ পদ-পথত পান-তামোল, চাহ দোকানেৰে জীৱন নিৰ্বাহ কৰিও সংগীত সাধনাত লিপ্ত ৷

সুৰীয়া মনজিতৰ জীৱন সংগ্ৰাম

By

Published : Oct 26, 2019, 11:59 PM IST

কামৰূপ, 26 অক্টোবৰঃ দৰিদ্ৰতাই কোঙা কৰা এজন যুৱক ৷ তথাপি হাৰ নমনা এইজন যুৱকে অশেষ পৰিশ্ৰমৰ লগতে চলাই নিছে নিজৰ সংগীত সাধনা ৷ শুৱালকুছিৰ মনজিৎ কাশ্যপ নামৰ শিল্পীসুলভ মনৰ এই যুৱকজনে আমিনগাঁৰ পদ-পথত পান-তামোল চাহ দোকানেৰে জীৱন নিৰ্বাহ কৰিও সংগীত সাধনাত জড়িত হৈ আহিছে ৷ মনজিতে ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গলৈ সকলোৰে গীত গাই আপ্লুত কৰে তেওঁৰ দোকানলৈ যোৱা গ্ৰাহকসকলক ৷ আৰ্থিক অনাটনৰ মাজতো নিজৰ গাঁথিৰ ধন ভাঙি শেহতীয়াকৈ মনজিতৰ কণ্ঠত প্ৰকাশ কৰি উলিয়াইছে এটি সুমুধৰ গীত । তেওঁৰ এই জীৱন সংগ্ৰামৰ মাজে মাজে সংগীতৰ সুৰীয়া যাত্ৰা অনাগত দিনতো আগবঢ়াই লৈ যোৱাৰ সাহস দিছে গ্ৰাহকসকলে ৷

সুৰীয়া মনজিতৰ জীৱন সংগ্ৰাম

ABOUT THE AUTHOR

...view details