অসম

assam

ব্যক্তিগত খণ্ডক অৰ্পণ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

By

Published : Aug 19, 2020, 10:54 PM IST

চৰকাৰৰ লগত হোৱা চুক্তি অনুসৰি গুৱাহাটী বিমানবন্দৰটোৰ সামগ্ৰিক বিকাশ কৰাৰ উপৰিও আদানি গ্ৰুপে বিমানবন্দৰৰ লগত সংগতি থকা আন ব্যৱসায় কৰিবলৈও সুবিধা পাব। ৫০ বছৰৰ বাবে চুক্তিৰ ম্যাদ থকা এই চুক্তি অনুসৰি প্ৰতিজন বিমানযাত্ৰীৰ বাবে আদানি গ্ৰুপে ভাৰতীয় বিমানবন্দৰৰ প্ৰাধিকৰণক ১৬০ টকাকৈ আৰু আন্তঃৰাষ্ট্ৰীয় বিমানযাত্ৰীৰ বাবে ৩২০ টকাকৈ পৰিশোধ কৰিব লাগিব । ইতিমধ্যে বিমানবন্দৰৰ বিকাশ আৰু পৰিচালনা কৰিবলৈ আদানি গ্ৰুপে কিছু পৰিকল্পনা হাতত লৈছে ৷

LGBI Airport Privatization
ব্যক্তিগত খণ্ডক অৰ্পণ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

দক্ষিণ কামৰূপ/আজাৰা,19আগষ্টঃ অৱশেষত ব্যক্তিগতখণ্ডৰ হাতলৈ গ'ল উত্তৰ-পুৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ । আজি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে ঘোষণা কৰি কয় যে, জয়পুৰ আৰু তিৰুৱানন্তপুৰম বিমানবন্দৰৰ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সহ 3 টাকৈ বিমানবন্দৰ আদানি গ্ৰুপক অৰ্পণ কৰা হৈছে ৷

ব্যক্তিগত খণ্ডক অৰ্পণ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

উল্লেখযোগ্য যে, ২০০৭ চনতে দিল্লী, মুম্বাই, হায়দৰাবাদ আৰু বেংগালুৰু আদি দেশৰ কেইবাটাও মূল বিমানবন্দৰ ব্যক্তিগত খণ্ডৰ হাতত দিয়া হৈছিল । 2019 চনৰ ফেব্ৰুৱাৰী মাহত চৰকাৰে পুনৰ 6টা বিমানবন্দৰ ব্যক্তিগতকৰণ কৰিবলৈ নিবিদা জাৰি কৰিছিল ৷ এই নিবিদাত সকলো প্ৰতিদ্বন্দ্বীকে পৰাজিত কৰি জয়ী হৈছিল গুজৰাটৰ আদানি গ্ৰুপ ৷ এই 6 টা বিমানবন্দৰ হ'ল আহমেদাবাদ, জয়পুৰ, লক্ষ্মৌ, গুৱাহাটী, বেংগালুৰু আৰু তিৰুৱানন্তপুৰম । ইপিনে, আদানি গ্ৰুপে চলিত বৰ্ষৰ 14 ফেব্ৰুৱাৰীৰ দিনা 6 টা বিমানবন্দৰৰ ভিতৰত আহমেদাবাদ, লক্ষ্ণৌ আৰু বেংগালুৰু বিমানবন্দৰৰ অধিগ্ৰহণ কৰিবৰ বাবে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ লগত চুক্তিবদ্ধ হৈছিল ৷ইয়াৰ উপৰি চলিত বৰ্ষৰ 12 নৱেম্বৰৰ পূৰ্বে তিনিওটা বিমানবন্দৰ নিজৰ হাতলৈ নিব ৷

আনহাতে, ১৯৯৬ চনৰ পৰাই সমগ্ৰ বিশ্বতে অসামৰিক বিমান পৰিবহণ বিভাগত ব্যক্তিগত খণ্ডৰ বিনিয়োগ আৰম্ভ হৈছিল । ক'ভিড মহামাৰী আৰম্ভ হোৱাৰ আগলৈকে দেশত বিমানযাত্ৰীৰ বৃদ্ধিৰ হাৰ আছিল বিশ্বৰ ভিতৰতে সৰ্বোত্তম ৷ এই বৃদ্ধিৰ লগত খাপ খাব পৰাকৈ বিমানবন্দৰসমূহৰ প্ৰসাৰ কৰাটো আছিল আটাইতকৈ ডাঙৰ সমস্যা । যাৰ পৰিপ্ৰেক্ষিতত ব্যক্তিগত খণ্ডৰ সহযোগিতাই এই প্ৰসাৰত সহায় কৰিব বুলি আশা কৰা হৈছে ।

ইপিনে, চৰকাৰৰ লগত হোৱা চুক্তি অনুসৰি গুৱাহাটী বিমানবন্দৰটোৰ সামগ্ৰিক বিকাশ কৰাৰ উপৰিও আদানি গ্ৰুপে বিমানবন্দৰৰ লগত সংগতি থকা আন ব্যৱসায় কৰিবলৈও সুবিধা পাব। ৫০ বছৰৰ বাবে চুক্তিৰ ম্যাদ থকা এই চুক্তি অনুসৰি প্ৰতিজন বিমানযাত্ৰীৰ বাবে আদানি গ্ৰুপে ভাৰতীয় বিমানবন্দৰৰ প্ৰাধিকৰণক ১৬০ টকাকৈ আৰু আন্তঃৰাষ্ট্ৰীয় বিমানযাত্ৰীৰ বাবে ৩২০ টকাকৈ পৰিশোধ কৰিব লাগিব । ইতিমধ্যে বিমানবন্দৰৰ বিকাশ আৰু পৰিচালনা কৰিবলৈ আদানি গ্ৰুপে কিছু পৰিকল্পনা হাতত লৈছে ৷

ইফালে, গুৱাহাটী বিমানবন্দৰৰ "মুখ্য বিষয়া" হিচাবে অসম সন্তান তথা কেৰালাৰ কন্নুৰ বিমানবন্দৰত "মুখ্য পৰিচালন বিষয়া" হিচাবে কৰ্মৰত উৎপল বৰুৱাক নিযুক্তি দিয়া বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details