গুৱাহাটী, 13 নৱেম্বৰ : মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চল চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্পৰ আৱাসীক এলেকাত দিনে-নিশাই চলিছে নাহৰফুটুকীৰ মুক্ত বিচৰণ ৷ তাপবিদ্যুৎ প্ৰকল্পৰ নিকটৱৰ্তী অঞ্চল সমূহত সঘনাই দেখিবলৈ পোৱা গৈছে নাহৰফুটুকী ৷ নাহৰফুটুকীৰ মুক্ত বিচৰণক কেন্দ্ৰ কৰি শংকিত হৈ পৰিছে অঞ্চলবাসী ৷
জানিব পৰা মতে, বিগত প্ৰায় এমাহ ধৰি প্ৰতিদিনেই সেই অঞ্চলটোত আৰু তাৰ আশে-পাশে কেইবাটাও নাহৰফুটুকীয়ে সন্ধিয়াৰ ভাগত মুক্তভাৱে বিচৰণ কৰা প্ৰত্যক্ষ কৰিছে ৰাইজে ৷ এই ঘটনাই ৰাইজৰ মাজত এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰিছে ৷ নাহৰফুটুকীৰ মুক্ত বিচৰণৰ দৃশ্য ইতিমধ্যে বন্দী হৈছে প্ৰত্যক্ষদৰ্শীৰ মোবাইলৰ কেমেৰাত ৷
গুৱাহাটীৰ এটা অঞ্চলত নাহৰফুটুকীৰ ত্ৰাসে নিদ্ৰা হৰিছে ৰাইজৰ প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে, নাহৰফুটুকীয়ে অঞ্চলটোৰ কেইবাটাও পোহনীয়া গৰু-ছাগলী-গাহৰি আদি ভক্ষণ কৰিছে ৷ এই বিষয়ে স্থানীয় ৰাইজে বন-বিভাগক অৱগত কৰিছে যদিও এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে তেওঁলোকে ৷
নাহৰফুটুকীক লৈ আতংকিত ভুক্তভোগী ৰাইজে অতিশীঘ্ৰে নাহৰফুটুকী কেইটাক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগক দাবী জনাইছে ৷ বন বিভাগৰ গাফিলতিৰ বাবে যিকোনো মুহূৰ্তত আৱাসীক এলেকাৰ লগতে নিকটৱৰ্তী অঞ্চল সমূহৰ মানুহৰ জীৱনলৈও সংশয় নামি আহিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷
লগতে চাওক :Covid-19: দেশত নতুনকৈ আক্ৰান্ত ১১,৮৫০ গৰাকী,মৃত্যু ৫৫৫ জনৰ