ৰঙিয়া, 13 জুলাই : ৰঙিয়াত দুৰ্ঘটনা সংঘটিত কৰা এখন চাৰিচকীয়া বাহনত বৃহৎ পৰিমাণৰ সুৰা জব্দ হোৱা ঘটনাই মঙলবাৰে এক চাঞ্চল্যৰ সৃষ্টি কৰে ৷ মঙলবাৰে ৰঙিয়াৰ দ্বাৰকুছিত এখন চাৰিচকীয়া বাহনে সংঘটিত কৰিছিল এক দুৰ্ঘটনা ৷ চাৰিচকীয়া বাহনখনৰ খুন্দত আহত হৈছিল এগৰাকী চাইকেল আৰোহী ৷
বাহনখনে দুৰ্ঘটনা সংঘটিত কৰা সময়তে উক্ত স্থানত স্থানীয় লোকে ভিৰ কৰিছিল ৷ স্থানীয় লোকৰ উপস্থিতি দেখি বাহনখনে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল ৷ কিন্তু ৰাইজৰ তৎপৰতাত তুলসীবাৰী অভিমুখী AS-01DF-1960 নম্বৰ বাহনখনৰ লগতে চালকজনক আটক কৰা হয় ৷
বাহনখন জব্দ কৰাৰ পাচতে প্ৰকৃত ৰহস্য পোহৰলৈ আহে ৷ স্থানীয় লোকে সদৰি কৰা মতে চাৰিচকীয়া বহনখনে কঢ়িয়াই আনিছিল বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷
দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ বাহনখনত আছিল কেইবা কাৰ্টন বিলাতী সুৰা ৷ বাহনখনৰ চালকজনৰ নাম তুলসীবাৰীৰ পৱিত্ৰ কলিতা । ব্যক্তিজনে আংশিক লকডাউনৰ মাজতে বাক্সা জিলাৰ কুমাৰীকাটাৰ পৰা ৰঙিয়াৰ তুলসীবাৰীলৈ অবৈধভাৱে কঢ়িয়াই আনিছিল লক্ষাধিক টকাৰ বিলাতী সুৰা । সুৰা সহ ব্যক্তিজনক ৰাইজে আটক কৰাৰ পাচতে স্থানীয় গান্ধীবাৰী আৰক্ষীক খবৰ দিয়ে ৷
গান্ধীবাৰী আৰক্ষীয়ে বিলাতী সুৰা ভৰ্তি বাহনখনৰ লগতে পৱিত্ৰ কলিতাক থানালে লৈ যায় ৷ ইফালে, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চাইকেল আৰোহী মালেক আলীক চিকিৎসালয়ত ভৰ্তি কৰে স্থানী লোকে ৷ এই ঘটনাৰ পাচতে আইনৰ সুৰুঙা লৈ একাংশ ব্যৱসায়ীয়ে বিলাতী সুৰাৰ অবৈধ বেপাৰ চলাই থকাৰ লগতে সুৰাৰ অবৈধ সৰবৰাহ যে অব্যাহত ৰাখিছে সেয়া স্পষ্ট হৈ পৰিছে ৷
লগতে পঢ়ক:দেশৰ ভিতৰতে সৰ্বাধিক সুবিধা থকা ধেমাজিৰ এটা গ্ৰাম্য ক'ভিড কেয়াৰ চেন্টাৰ