অসম

assam

ETV Bharat / state

Timber seized at Boko: বকোত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

কামৰূপ জিলাৰ বকোৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জামলাইত বন বিভাগে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ (Large quantities of timber seized at Boko) । নগৰবেৰা আৰু বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীৰ যুটীয়া অভিযানত জব্দ কৰা হয় চোৰাং কাঠখিনি ।

Large quantities of timber seized at Boko
বকোত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

By

Published : Nov 11, 2022, 1:05 PM IST

নিউজ ডেস্ক, 11 নৱেম্বৰ: অসমৰ বনাঞ্চল ধ্বংস কৰি একাংশই অব্যাহত ৰাখিছে কাঠৰ চোৰাং সৰবৰাহ (Deforestation in Assam Forests)। বন বিভাগৰ চকুৰ সন্মুখতে একাংশ লোকে অসমৰ ভিন্ন প্ৰান্তত এই দুস্কাৰ্য সংঘটিত কৰি আহিছে ।

শেহতীয়াকৈ কামৰূপ জিলাৰ বকোৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জামলাইত বন বিভাগে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ । এক বিশেষ খবৰৰ ভিত্তিত নগৰবেৰা আৰু বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীৰ যুটীয়া অভিযানত জব্দ কৰা হয় চোৰাং কাঠখিনি (Large quantities of timber seized at Boko) ।

বকোত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

বন বিভাগে জনোৱা মতে, জামলাইৰ মধু শোলমাৰীত চোৰাং ব্যৱসায়ীয়ে বৃহৎ পৰিমাণৰ চোৰাং শাল, চেগুণ, মাকৰিশাল কাঠ মজুত কৰি ৰখাৰ খৱৰ লাভ কৰি উক্ত স্থানত অভিযান চলাই চোৰাং কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় । বন বিভাগে জনোৱা মতে, জব্দকৃত চোৰাং কাঠখিনি নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়লৈ অনা হৈছে । লগতে, জব্দকৃত চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে (Forest department raid at Boko) ।

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি বকোৰ বিভিন্ন অঞ্চলত এটা শক্তিশালী চক্ৰই চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছে । বন বিভাগৰ অভিযানৰ মাজতে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন এলেকাত ধাৰাবাহিকভাৱে চোৰাং কাঠৰ বেহা অব্যাহত থকাৰ অভিযোগ উঠিছে ।

এটা সূত্ৰই ব্যক্ত কৰা মতে বকো, ছয়গাঁও, ধূপধৰাৰ উপৰিও মেঘালয়ৰ পৰা গাড়ীৰে চোৰাং কাঠ সৰবৰাহ হয় নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন এলেকাত । এই ক্ষেত্ৰত বন বিভাগক অধিক কঠোৰ হ’বলৈ আহ্বান জনাইছে ৰাইজে । ইফালে কিছুদিন পূৰ্বে বৰপেটাৰ চেঙা সমষ্টিৰ চৰাঞ্চলত বন বিভাগে বুধবাৰে কেইবাটাও স্থানত অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে(Large quantities of timber seized in Barpeta) ।

বন বিভাগৰ শীৰ্ষ বিষয়াৰ নিৰ্দেশত বিভাগটোৰ এটা বৃহৎ দলে চেঙাৰ মহচৰাৰ ১০ টাকৈ অবৈধ কাঠ ফলা মিল চলি থকাৰ তথ্য লাভ কৰি মিলসমূহক অভিযান চলায়(Forest department raid in Barpeta) । ইপিনে গোৱালপাৰা জিলাৰ শিমলীতোলাতো বন বিভাগে অভিযান চলাই দুখন ডি আই গাড়ীসহ বুজন পৰিমাণৰ শাল কাঠৰ কুণ্ডা জব্দ কৰে(Illegal timber seized in Goalpara) ।

লগতে পঢ়ক:Timber seized in Barpeta: বৰপেটাত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

ABOUT THE AUTHOR

...view details