দক্ষিণ কামৰূপ,16 জুলাইঃসমগ্ৰ ৰাজ্যতে সংহাৰী ৰূপ ধাৰণ কৰিছে প্ৰলয়ংকাৰী বানে৷কৰ'ণা ভাইৰাছৰ ত্ৰাসৰ মাজতে বানপানীৰ কবলত পৰি এতিয়া দিশহাৰা হৈ পৰিছে ৰাজ্যবাসী৷ বিগত কেইবাদিনো ধৰি ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ক্ৰমাৎ ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ যাৰ ফলত এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ পলাশবাৰীৰ বিস্তীৰ্ণ অঞ্চল বুৰ গৈছে বানত ৷ বানপানীৰ কবলৰ পৰা নিজকে ৰক্ষা কৰাৰ অৰ্থে অঞ্চলবাসী ৰাইজে আশ্ৰয় ল'ব লগা হৈছে মথাউৰিত ৷
বানৰ কবলত পলাশবাৰীৰ বিস্তীৰ্ণ অঞ্চলঃ কাণসাৰ নাই স্থানীয় বিধায়কৰ - ব্ৰহ্মপুত্ৰ
বানাক্ৰান্ত ৰাইজে নিজাববীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে অস্থায়ী শিবিৰ ৷ ইফালে বিশুদ্ধ খোৱাপানীৰ পৰা আৰম্ভ কৰি নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে এতিয়া বানাক্ৰান্ত ৰাইজ ৷ কিন্তু ইয়াৰ পিছতো কাণসাৰ নাই চৰকাৰ তথা প্ৰশাসনৰ ৷ বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হ'বলৈ আহৰি নাই স্থানীয় বিধায়ক প্ৰণৱ কলিতাৰো ৷
বানাক্ৰান্ত ৰাইজে নিজাববীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে অস্থায়ী শিবিৰ ৷ ইফালে বিশুদ্ধ খোৱাপানীৰ পৰা আৰম্ভ কৰি নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে এতিয়া বানাক্ৰান্ত ৰাইজ ৷ কিন্তু ইয়াৰ পিছতো কাণসাৰ নাই চৰকাৰ তথা প্ৰশাসনৰ ৷ বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হ'বলৈ আহৰি নাই স্থানীয় বিধায়ক প্ৰণৱ কলিতাৰো ৷ তাকে লৈ এতিয়া তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বানাক্ৰান্ত ৰাইজে ৷ ৰাইজৰ অভিযোগ,প্ৰতি বছৰে বানপানীয়ে ব্যাপক ৰূপত অঞ্চলটো ক্ষতিগ্ৰস্ত কৰি আহিছে যদিও আজিপৰ্যন্ত স্থায়ী সমাধানৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰ তথা প্ৰশাসনে ৷
লগতে পঢ়কঃসাহায্য নাই : আশ্ৰয় শিবিৰত হাহাকাৰ কৰিছে বন্যাৰ্তই