আজাৰা, ১০ জুলাই: গুৱাহাটীৰ দ্বীপৰ বিলৰ সমীপৰ মাটিয়াত ভয়ংকৰ ভূমিস্খলন সংঘটিত হয়। ৰাণী-গড়চুক সংযোগী কইনাধৰা পথত সংঘটিত হয় এই ভয়ংকৰ ভূমিস্খলন। মঙলবাৰে পুৱা দুটা পৰিয়ালৰ বাসগৃহৰ ওপৰত পাহাৰৰ মাটি খহি পৰাত নিৰ্মল দাস নামৰ এজন যুৱক আহত হোৱাৰ লগতে পৰিয়ালকেইটাৰ ৫ জনকৈ লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে। এই ভূমিস্খলনৰ ফলত বাসগৃহ কেইটাত থকা ২খনকৈ বাহনৰ লগতে ২০ লক্ষাধিক টকাৰ সা-সামগ্ৰী নষ্ট হয়।
দ্বীপৰ বিলৰ সমীপৰ মাটিয়াত ভয়ংকৰ ভূমিস্খলন
বিগত ৩ দিন ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত এই ভূমিস্খলন সংঘটিত হয় । ইপিনে এই ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছিল ৰাণী-গড়চুক সংযোগী পথটো ।
দ্বীপৰ বিলৰ সমীপৰ মাটিয়াত ভয়ংকৰ ভূমিস্খলন
বিগত ৩ দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত এই ভূমিস্খলন সংঘটিত হয়। ইপিনে এই ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছিল ৰাণী-গড়চুক সংযোগী পথটো। আনহাতে ঘটনাস্থলীত আজাৰা আৰক্ষী,আজাৰা যানবাহন আৰক্ষী উপস্থিত হৈ শক্তি বিভাগৰ সহযোগত পথচোৱা মুকলি কৰাৰ লগতে বিদ্যুতৰ সংযোগ আদিও বিচ্ছিন্ন কৰে। উল্লেখ্য যে এই অঞ্চলটোত পুনৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে ।