ভূমি কেন্দ্ৰীক সংঘাতত লিপ্ত গিৰিজানন্দ চৌধুৰী ইষ্টিটিউটত অৱ মেনেজমেণ্ট এন টেকনলজিৰ স্বত্বাধিকাৰী - গিৰিজানন্দ চৌধুৰী ইনচটিটিউত অৱ মেনেজমেণ্ট এন টেকনলজি
সোমবাৰে বিয়লি গিৰিজানন্দ চৌধুৰী ইষ্টিটিউট অৱ মেনেজমেণ্ট এন টেকনলজী নামৰ প্ৰতিষ্ঠানটোৰ মালিক বিজয় ওৰফে দুদুল চৌধুৰীয়ে ভু-মাফিয়াৰ দৰে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে ৰমেশ আগৰৱালা নামৰ এজন লোকক ৷
আজাৰা, 04 জুন: মহানগৰীৰ আজাৰাত ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হ'ল সংঘাতৰ ৷ ভূমি বেদখলত নামি পৰাৰ অভিযোগ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এন টেকনলজীৰ স্বত্বাধিকাৰৰ বিৰুদ্ধে ৷ সোমবাৰে বিয়লি গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এন টেকনলজী নামৰ প্ৰতিষ্ঠানটোৰ মালিক বিজয়া ওৰফে দুদুল চৌধুৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৰমেশ আগৰৱালা নামৰ এজন লোকক ৷ পিচত ঘটনাস্থলীত আজাৰা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ পিছত আগৰৱালাৰ পৰিয়ালে এজাহাৰ দাখিল কৰে আজাৰা আৰক্ষী ওচৰত । বৰ্তমান পলাতক অৱস্থাত দুদুল চৌধুৰী । উল্লেখ্য যে, প্ৰতিষ্ঠানটোৰ পিছফালে থকা প্ৰায় চল্লিশ বছৰ পুৰণি মাটিৰ গৰাকী আগৰৱালাৰ পৰা জোৰ জবৰদস্তি কৰি মাটিখিনি ল'ব বিচাৰিছিল প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী দুদুল চৌধুৰীয়ে ৷ সম্প্ৰতি গুৰুতৰভাৱে আহত ভূমিৰ মালিক ৰমেশ আগৰৱালা চিকিৎসাধীন হৈ আছে গুৱাহাটী মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ৷