গুৱাহাটী.28এপ্ৰিল: ডিমৰীয়াত ভূ-মাফিয়া সন্ত্ৰাাস ৷ জেচিবিৰে অবৈধভাৱে পাহাৰৰ পৰা সমতল কৃষিভূমিলৈ খনন কাৰ্য চলাই আহিছে একাংশ ভূ-মাফিয়াই ৷ শনিবাৰে বনবিভাগে এক সূত্ৰৰ পৰা খবৰ লাভ কৰি টপাতলি অঞ্চলত ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান চলায় ৷ পিচে অভিযান চলাবলৈ যাওঁতেই ৬ জনীয়া বনকৰ্মীৰ দলটোক ভূ-মাফিয়াৰ দলে মাৰপিট কৰে ৷
ডিমৰীয়াত ভূ-মাফিয়াৰ ত্ৰাস,থানাৰ পৰাই পলায়ন 4জনৰ - ভূ-মাফিয়া
শনিবাৰে ডিমৰীয়াত ভূ-মাফিয়াৰ বিৰুদ্ধে বন বিভাগৰ অভিযান ৷ অভিযানত বনকৰ্মীৰে হতাহতি ভূ-মাফিয়াৰ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ 5 অভিযুক্তক আটক কৰে ৷ কিন্তু ৰহস্যজনকভাৱে ক্ষেত্ৰী থানাৰ পৰা ইয়াৰে 4 আটকাধীন ভূ-মাফিয়াই পলায়ন কৰে ৷
ডিমৰীয়াত ভূ-মাফিয়াৰ ত্ৰাস,থানাৰ পৰায়ে পলায়ন ধৃত ৪ জনৰ
পাচত ঘটনাস্থলীত ক্ষেত্ৰী আৰক্ষী উপস্থিত হৈ বনকৰ্মীকেইজনক উদ্ধাৰ কৰাৰ লগতে 5টা ভূ-মাফিয়াক আটক কৰে ৷ কিন্তু নিশা এই কৰায়ত্ত 5 ভূ-মাফিয়াৰ ভিতৰত 4 টাই থানাৰ পৰাই পলায়ন কৰে ৷ যাৰ বাবে এতিয়া সমগ্ৰ ঘটনাক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে ৷