অসম

assam

By

Published : Dec 4, 2021, 10:38 PM IST

ETV Bharat / state

Lady Farmer in Rangia: ৰঙিয়াত খেতিয়কৰ ৰূপত এগৰাকী মহিলা

ৰঙিয়াত আদৰ্শ খেতিয়ক হিচাপে পৰিগণিত হৈছে গোসাই শৌলমাৰীৰ বোৱাৰী উষা নাথ । কৃষি বিজ্ঞান কেন্দ্ৰ (Krishi Vigyan kendra)ৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি উষা নাথে কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ সূচনা কৰিছে এক বিপ্লৱৰ ৷

Lady Farmer in Rangia
ৰঙিয়াত খেতিয়কৰ ৰূপত এগৰাকী মহিলা

ৰঙিয়া, 4 ডিচেম্বৰ : ৰঙিয়াত আদৰ্শ খেতিয়ক হিচাপে পৰিগণিত হৈছে এগৰাকী বোৱাৰী (Lady Farmer in Rangia) । কিয়নো স্বামীৰ সৈতে সমানে খেতি পথাৰত নামি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰঙিয়াৰ গোসাই শৌলমাৰীৰ আদৰ্শ খেতিয়ক বোৱাৰীগৰাকীয়ে ৷ নাম উষা নাথ ।

ৰঙিয়াত খেতিয়কৰ ৰূপত এগৰাকী মহিলা

কৃষি বিজ্ঞান কেন্দ্ৰৰ (Krishi Vigyan kendra) পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি উষা নাথে কমবাইন হাৰভেচটাৰ (combine harvester machine) নামৰ অত্যাধুনিক বাহন চলাই সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । অত্যাধুনিক বাহনখনৰ আছে তিনিটা বিশেষ ক্ষমতা । উষা নাথে নিয়ন্ত্ৰণ কৰা অত্যাধুনিক বাহনখনৰ দ্বাৰা খেতিপথাৰত এবাৰতে ধান কটা, মৰণা মৰা আৰু ধান জৰাৰ ক্ষমতা আছে ।

ৰঙিয়াত খেতিয়কৰ ৰূপত এগৰাকী মহিলা

ঘৰৰ সকলো কাম কাজ কৰাৰ লগতে স্বামীৰ সৈতে খেতিপথাৰত এই বাহনখনেৰে ধানবোৰ কাটি স্বামীক সমানে সহায় কৰিছিল । দিনটোৰ অধিকাংশ সময়ে স্বামীৰ সৈতে ব্যস্ত থাকে উষা নাথে (Lady Farmer busy in Paddy Field) ৷ তাৰ পিছত গাঁওখনৰ লগতে ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ ধান কাটিবলৈ লয় উষা নাথে । ফলত আৰ্থিকভাৱেও যথেষ্ট লাভাম্বিতও হৈছে ৰঙিয়াৰ কৃষক বোৱাৰীগৰাকীয়ে ৷

উল্লেখ্য যে, অত্যাধুনিক বাহনখনেৰে এদিনত প্ৰায় ১৫ বিঘা ধান কাটে উদ্যামী মহিলা উষা নাথে । কম সময়ৰ ভিতৰত আৰু এবাৰতে ধান কটা, মৰণা মৰা আৰু ধনবোৰ জৰাৰ বাবদ এবিঘা খেতিপথাৰৰ ধানৰ বাবদ সংগ্ৰহ কৰে প্ৰায় পোন্ধৰশ টকা । এগৰাকী বোৱাৰী হোৱাৰ পিছতো নিজে স্বাৱলম্বী হৈ এক আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে উষা নাথে ।

লগতে পঢ়ক :জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম কৰা এজন আদৰ্শ খেতিয়ক

ABOUT THE AUTHOR

...view details