ৰঙিয়া,8 জানুৱাৰীঃ ৰঙিয়াৰ পালাৰাত বুধবাৰে উদ্বোধন কৰা হয় সাপ্তাহিক মহিলা বজাৰ ৷ উক্ত বজাৰখনৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে এক ভোগালী মেলা ৷ মেলাখন উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই ৷ অনুষ্ঠানত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে মহিলাসকল আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে ৷ ৰাষ্ট্ৰীয় গ্ৰামীণ মহিলা বিকাশ যোজনাৰ অধীনত ত্ৰিৰংগা মণ্ডল পৰ্যায়ৰ সংগঠন ৰঙিয়া খণ্ড অভিযান প্ৰবন্ধন গোটৰ সহযোগত অনুষ্ঠিত হয় উক্ত মেলাখন ৷
ৰঙিয়াত সাপ্তাহিক মহিলা বজাৰ উদ্বোধন - Weekly ladies market opening by minister bhabesh kalita
পালাৰাত বুধবাৰে উদ্বোধন কৰা হয় সাপ্তাহিক মহিলা বজাৰ ৷ বজাৰখন উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই ৷ অনুষ্ঠানত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে মহিলাসকল আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে ৷
দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভোগালী মেলাখনত ৰঙিয়া উন্নয়ন খণ্ডৰ জয়ন্তীপুৰ, বড়িগোগ, ডিমু-ডোবক আৰু পদুমকুঁৱৰী গাঁও পঞ্চায়তৰ শতাধিক আত্মসহায়ক গোটৰ মহিলাই অংশগ্ৰহণ কৰে ৷ ইফালে পালাৰা মৈহাটী বজাৰগৃহত প্ৰতি বৃহস্পতিবাৰে মহিলা বজাৰখন বহিব বুলি খণ্ড আঁচনি প্ৰবন্ধক ত্ৰিবেণী দাসে উপস্থিত ৰাইজক জানিবলৈ দিয়ে ৷ লগতে অসমৰ ৰাইজে বৰ্তমান উন্নয়ন বিচাৰে,পথৰ আন্দোলন নিবিচাৰে বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী ভবেশ কলিতাই ৷
লগতে চাওকঃ ব্যতিক্ৰমী পন্থাৰে ডুমডুমাত সাব্যস্ত কা বিৰোধী প্ৰতিবাদ