শুৱালকুছি, 2 ফেব্ৰুৱাৰীঃ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰণি জনোৱা হ'লঅসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াক ।কামৰূপৰ বংশৰৰ পৰা শুৱালকুছিৰ জ্যোতি ক্ষেত্ৰলৈ এখন আটকধুনীয়া ৰথত সাংস্কৃতিক শোভাযাত্ৰাৰে লৈ অহা হয় নৱ নিযুক্ত সভাপতিগৰাকীক ৷ শুৱালকুছিত চলি থকা সাহিত্যৰ মহা উৎসৱত এই বৰ্ণিল আদৰণি জনোৱা হয় অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াক ৷ জানিব পৰা মতে, সু-সজ্জিত ৰথখন শুৱালকুছিৰ ঐতিহ্য পলু তাঁতশাল লেতা নিৰ্মিত প্ৰতিক চিহ্নৰে নিৰ্মাণ কৰা ৷
ইয়াৰোপৰি বৰপেটাৰ গায়ন বায়নৰ লগতে অসমৰ বিভিন্ন ক্ষেত্ৰৰ জাতি জনগোষ্ঠীৰ লোক সংস্কৃতিৰে অধিৱেশনস্থলীলৈ আদৰি অনা হয় নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াক । আনহাতে জ্যোতি-বিষ্ণু-ভূপেন্দ্ৰ সোঁৱৰণি সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নতুন ড৹ মুকুন্দকাম শৰ্মাই । লগতে জ্যোতি ক্ষেত্ৰৰ মূল মঞ্চত বিদায়ী সভাপতি ড৹ পৰমানন্দ ৰাজবংশীয়ে নৱ নিৰ্বাচিত সভাপতি কুলধৰ শইকীয়াক আদৰি তেওঁক সভাপতিৰ দায়িত্ব অৰ্পণ কৰে।