বাইহাটা, 9 জুন: লক ডাউনৰ মাজতে চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰি আন্দোলন কৰাৰ অভিযোগত হোমকোৱাৰেন্টাইনলৈ প্ৰেৰণ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 13 জন কৰ্মীক ৷ সোমবাৰে পলাশবাৰীৰ মিৰ্জাত সংগঠনটোৰ কৰ্মী কেইজনে আন্দোলন কৰাৰ পাছতেই এই পদক্ষেপ গ্ৰহণ কৰে আৰক্ষীয়ে ৷ ইয়াৰ পাছতে চৰকাৰী নীতি নিৰ্দেশনাৰ মাজেৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাই আন্দোলন কৰাৰ পাছতো অন্যায় ভাবে চাংসাৰি কোৱাৰেন্টাই কেন্দ্ৰলৈ অনাৰ অভিযোগ তুলি তীব্ৰ প্ৰতিবাদ কৰে যুটীয়া সম্পাদক গৰাকীয়ে ।
আন্দোলন কৰি হোম কোৱাৰেন্টাইনলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 13 কৰ্মী - KMSS protestor sent to home quarantine
চৰকাৰী নীতি নিয়মৰ মাজেৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাই আন্দোলন কৰাৰ পাছতো অন্যায় ভাবে চাংসাৰি কোৱাৰেন্টাই কেন্দ্ৰলৈ অনাৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটিয়া সাধাৰণ সম্পাদক মুকুট ডেকাৰ ৷

উল্লেখ্য যে, কোৱাৰেন্টাইন চেন্টাৰ সমুহক অসম চৰকাৰে হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটিয়া সাধাৰণ সম্পাদক মুকুট ডেকাই ৷ কৰ'ণা প্ৰতিৰোধৰ নামত ৰাইজৰ মুখ বন্ধ কৰাৰ বাবেই চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰা বুলিও অভিযোগ উত্থাপন কৰে সাধাৰণ সম্পাদক গৰাকীয়ে ৷ যদিহে আন্দোলন কৰাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তা সকল কোৱাৰেন্টাইন হ'ব লাগে, তেন্তে যি সকল আৰক্ষীয়ে কৰ্মকৰ্তা সকলক থানালৈ আনিছিল তেঁওলোককো কোৱাৰেন্টাইন হোৱাৰ দাবী জনাই যুটীয়া সম্পাদক গৰাকীয়ে । আনহাতে কৃষক মুক্তি সংগ্ৰাম সমতিৰ কৰ্মকৰ্তা সকলে সামাজিক দুৰত্ব মানি আন্দোলন নকৰাৰ অভিযোগত তেও লোকক হোম কোৱৰেন্টাই কৰাৰ কথা উল্লেখ কৰে দণ্ডাধীশ ডঃ অংকিতা শৰ্মাই ।