অসম

assam

ETV Bharat / state

ৰঙিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - ছাত্র মুক্তি সংগ্ৰাম সমিতি

ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য‍্যালয়ৰ সন্মুখত হাতে হাতে বেনাৰ লৈ অনতিপলমে অখিল গগৈৰ লগতে বলদেৱ তেলী আৰু দেৱাংগনা কলিতাৰ মুক্তিৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

ৰঙিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
ৰঙিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

By

Published : Jul 24, 2020, 1:42 AM IST

ৰঙিয়া, 23 জুলাই :ৰঙিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভ্ৰমণৰ দিনাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ । মানৱ শৃংখল সাজি একে শাৰীতে প্ৰতিবাদ কৰিলে ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু উত্তৰ কামৰূপ কৃষিভূমি আৰু পৰিৱেশ সংৰক্ষণ সমিতিয়ে ।

ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য‍্যালয়ৰ সন্মুখত হাতে হাতে বেনাৰ লৈ অনতিপলমে অখিল গগৈৰ লগতে বলদেৱ তেলী আৰু দেৱাংগনা কলিতাৰ মুক্তিৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । সমগ্ৰ ৰাজ‍্যৰ লগতে ৰঙিয়াতো গ্ৰহণ কৰা প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ।

ৰঙিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

বানপানী সমস্যাৰ সমাধানৰ লগতে বানপীড়িতক সাহাৰ্য প্ৰদান আৰু উপযুক্ত ক্ষতিপূৰণৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । ৰঙিয়াৰ বৰ্তমানৰ বান পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি দাবী জনায় যে,ভগ্ন মথাউৰিসমুহ পুনৰ নিৰ্মাণৰ লগতে মেৰামতি অতি সোনকালে সমাপ্ত কৰিব লাগে । নহ'লে বগৰীবাৰীৰ মথাউৰিৰ ভঙা অংশৰে এজাক বৰষুণ হ'লেই ৰঙিয়া পুনৰ প্লাৱিত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়কঃআলগাপুৰত পথ নিৰ্মাণৰ দাবীৰ ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details