অসম

assam

ETV Bharat / state

চৰকাৰৰ নতুন ভূমিনীতিৰ বিৰুদ্ধে প্ৰতিবাদত নামিল কৃষক মুক্তি - cabinet meeting

কৰ'ণাৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে শাসনাধিস্থ চৰকাৰখনে কেবিনেট যোগে অসমৰ থলুৱাৰ কৃষিভূমি উদ্যোগপতিক গতাই দিয়াৰ এক ষড়যন্ত্ৰমূলক সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগেৰে সৰৱ হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি । কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তক কৃষক বিৰুধী আখ্যা দি সোমবাৰে অনশনত বহিল কামৰূপ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি ।

Kmss protest at palashbari circle office
চৰকাৰৰ নতুন ভূমিনীতিৰ বিৰুদ্ধে প্ৰতিবাদত নামিল কৃষক মুক্তি

By

Published : Jul 6, 2020, 4:04 PM IST

আজাৰা,৬জুলাই: কৰ'ণাৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে অসম চৰকাৰৰ মন্ত্ৰী পৰিষদৰ বৈঠকত যোৱা ২৯ জুনত থলুৱাৰ কৃষি ভূমি উদ্যোগপতিক গতাই দিয়াৰ এক ষড়যন্ত্ৰমূলক সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগেৰে এতিয়া সৰৱ হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি । এই নতুন উদ্যোগ নীতিৰ অধ্যাদেশ বাতিল কৰাৰ দাবীত সোমবাৰে সমগ্ৰ অসমৰ লগতে দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত এক অনশন কাৰ্যসূচী ৰূপায়ন কৰে কামৰূপ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

কৰ'ণা মহামাৰীৰ সন্ত্ৰাস অব্যাহত থকাৰ বাবে সীমিত সংখ্যক লোকৰ উপস্থিতিৰে এই অনশন কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয় । নতুন উদ্যোগ নীতিৰ অধ্যাদেশ প্ৰত্যাহাৰ আৰু অসম বাসীৰ ভূমিৰ অধিকাৰ সুৰক্ষাৰ দাবীত পুৱা ৯ বজাৰ পৰা আবেলি ৩ বজালৈ কৃষক মক্তিৰ কামৰূপ জিলা সমিতিয়ে এই অনশন কাৰ্যসূচী ৰূপায়ন কৰে ।

চৰকাৰৰ নতুন ভূমিনীতিৰ বিৰুদ্ধে প্ৰতিবাদত নামিল কৃষক মুক্তি

আনহাতে কাৰাগাৰত অখিল গগৈৰ অসুস্থতাৰ সম্পৰ্কত কৰ'ণাৰ অজুহাত লৈ কাৰাগাৰত কৃষক নেতাগৰাকীৰ পৰিয়ালৰ লগতে অধিবক্তা জনকো প্ৰায় দুমাহ ধৰি খবৰ ল'বলৈ যাবলৈ নিদিয়াৰ অভিযোগ তুলি চৰকাৰৰ এই টোঘলকী কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিলে কামৰূপ জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

ৰাজ্য চৰকাৰে কৃষক নেতাজনক ষড়যন্ত্ৰ কৰি ৰাজনৈতিক ভাৱে হত্যাৰ চেষ্টা কৰা বুলি অভিযোগ কৰাৰ লগতে শীঘ্ৰে তেওঁৰ চিকিৎসা গ্ৰহণৰ ব্যৱস্থা কৰিবলৈকো দাবী উত্থাপন কৰিলে কৃষক মুক্তিৰ সংগ্ৰাম সমিতিয়ে । অন্যথা এক গণ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিলে প্ৰতিবাদত অংশগ্ৰহণ কৰা কৃষক মুক্তিৰ সদস্যসকলে ।

ABOUT THE AUTHOR

...view details