অসম

assam

ETV Bharat / state

ছয়গাঁৱত উদ্ধাৰ বিহাৰৰ নিৰুদ্দিষ্ট নাবালিকা

বিহাৰৰ পৰা নাবালিকাক লৈ পলায়ন কৰা যুৱকক আটক অসমত ৷ লগতে উদ্ধাৰ এগৰাকী ১৪ বছৰীয়া নাবালিকা ৷

By

Published : Oct 3, 2021, 7:18 PM IST

kidnepar arrest and recoverd girl
ছয়গাঁৱত বিহাৰৰ নিৰুদ্দিষ্ট নাবালিকা উদ্ধাৰ

ছয়গাঁও,3 অক্টোবৰ : ছয়গাঁও আৰক্ষীৰ বৃহৎ সফল অভিযান ৷ বিহাৰৰ পৰা নাবালিকাক লৈ পলায়ন কৰা যুৱকক আটক ৷ ছয়গাঁৱৰ ছাটাবাৰীৰ পৰা আটক কৰা হৈছে যুৱকজনক ৷ জানিব পৰা মতে, বিহাৰৰ পৰা ২ মাহ পূৰ্বে অপহৰণ কৰি এজন যুৱকে অসমলৈ আনিছিল 14 বছৰীয়া কিশোৰীগৰাকীক ৷ যুৱক জনৰ নাম ৰাহুল কুমাৰ ৷ এই অপহৰণ কাণ্ডৰ লগত কেৱল ৰাহুল কুমাৰেই নহয় বিহাৰৰ কেইবাজনো যুৱক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কিশোৰীৰাকীৰ পিতৃয়ে ৷

অপৰাধৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষীৰ অভিযান

ঘটনাৰ বিৱৰণি অনুসৰি, বিহাৰৰ ছিটামাৰী জিলাৰ পৰিহাৰ নামৰ এক স্থানৰ পৰা ৰাহুল কুমাৰে তেওঁৰ আন সহযোগীৰ সৈতে মিলিত হৈ অপহৰণ কৰিছিল 14 বছৰীয়া কিশোৰীগৰাকীক ৷ পৰৱৰ্তী সময়ত কিশোৰীগৰাকীৰ আত্মীয়ই কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ নকৰি কাষ চাপে বিহাৰৰ ছিটামাৰী জিলাৰ পৰিহাৰ থানাৰ আৰক্ষীৰ ৷ তাৰ পাচতেই আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ৷ এক সন্দেহবশতঃ আৰক্ষীয়ে ৰাহুল কুমাৰ নামৰ যুৱকজনৰ ম’বাইল ট্ৰেছ কৰে ৷ তাৰ পাচতেই ৰাহুল কুমাৰৰ অৱস্থিতি ধৰা পৰে অসমত ৷

ছয়গাঁৱত বিহাৰৰ নিৰুদ্দিষ্ট নাবালিকা উদ্ধাৰ

পৰৱৰ্তী সময়ত বিহাৰ আৰক্ষী আৰু ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা হয় এক অভিযানত কামৰূপ জিলাৰ গৰৈমাৰীৰ এজন যুৱকৰ ঘৰত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ কৰা হয় নাবালিকাক গৰাকীক । লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিছু অলংকাৰো ৷ উল্লেখ্য যে, আটক হোৱাৰ সময়ত অপহৰণকাৰীটো ছয়গাঁৱৰ ছাটাবাৰীৰ এট উদ্যোগত কৰ্মৰত হৈ আছিল ।

লগতে পঢ়ক:আমগুৰিত বৃহৎ পৰিমাণৰ বিলাতী সুৰাসহ এজন আটক

ABOUT THE AUTHOR

...view details