বাইহাটা চাৰিআলি, ২০ মে':নিৰ্বাচনত জয়ী হোৱা বিধায়কসকলে শেহতীয়াকৈ সমষ্টিসমূহত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে । পিছপৰি থকা নাই কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা । পুৱাই হাতত ঝাড়ু লৈ ওলাই আহিল বিধায়কগৰাকী । বাইহাটা চাৰিআলিৰ মাজমজিয়াত স্বচ্ছ অভিযানৰ কাৰ্যসূচীত ভাগ লয় বিধায়কগৰাকীয়ে । কামৰূপৰ আৰক্ষী অধীক্ষকৰ আহ্বানত আয়োজিত এই কাৰ্যসূচীত বিধায়কগৰাকীৰ সৈতে দলৰ বহু কৰ্মীয়ে অংশগ্ৰহণ কৰে ।
স্বচ্ছ অভিযানত নামিল বিধায়ক দিগন্ত কলিতা - SWACHA ABHIJAN BY KAMRUP POLICE
কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু কামৰূপৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত বাইহাটা চাৰিআলিত স্বচ্ছ অভিযানৰ কাৰ্যসূচী ।
![স্বচ্ছ অভিযানত নামিল বিধায়ক দিগন্ত কলিতা SWACHA ABHIJAN](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11830395-1076-11830395-1621505487900.jpg)
কামৰূপ আৰক্ষী আৰু কমলপুৰৰ বিধায়কৰ নেতৃত্বত স্বচ্ছ অভিযান
কামৰূপ আৰক্ষী আৰু কমলপুৰৰ বিধায়কৰ নেতৃত্বত স্বচ্ছ অভিযান
কামৰূপ আৰক্ষীৰ এই পদক্ষেপৰ বাবে বিধায়কগৰাকীয়ে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাইজক পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ অনুৰোধ জনায় । ইফালে কৰ'ণা মহমাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে সামাজিক দূৰত্ব ৰক্ষা কৰি এই স্বচ্ছ অভিযানৰ আয়োজন কৰা হয় । স্বচ্ছ অভিযানৰ মাজতে ৰাইজক কৰ'ণা প্ৰতিষেধক লোৱাৰো আহ্বান জনাই । ইয়াৰোপৰি বাইহাটা চাৰিআলিৰ প্ৰধানত ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ সমস্যা সমাধানৰো আশ্বাস দিয়ে বিধায়ক দিগন্ত কলিতাই।
লগতে পঢ়ক:হিন্দুস্থান ইউনিলিভাৰে যোগান ধৰিলে চিকিৎসা সামগ্ৰী