বাইহাটা, 27 এপ্ৰিল :কামৰূপৰ চাংসাৰিত জব্দ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট (Foreign cigarette seized at Changsari)। ভাৰতীয় ডাক বিভাগৰ বাহনৰ পৰা জব্দ কৰা হৈছে চিগাৰেটখিনি ।
কামৰূপ(গ্ৰাম্য) আৰক্ষীয়ে সদৰি কৰা অনুসৰি, এক গোপন খবৰৰ তথ্যৰ ভিত্তিত জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদৰ নেতৃত্বত দুটা সঁজাতি দলে মদনপুৰৰ টোলগেটত চলাই তালাচী অভিযান ৷ এই অভিযানত আৰক্ষীয়ে জব্দ কৰে ভাৰতীয় ডাক বিভাগৰ এখন বিশেষ বাহন । তাৰ পাচতে আৰক্ষীৰ দল দুটাই জব্দ কৃত ডাক বিভাগৰ HR 55 L 8802 নম্বৰৰ পাৰ্চেল ভেনখন লৈ আহে চাংসাৰি থানালৈ ৷