ৰঙিয়া, ২৬ জুন:অৱশেষত গ্ৰেপ্তাৰ হ'ল ছ'চিয়েল মিডিয়াত শ্বহীদ পত্নীৰ বিষয়ে অশালীন মন্তব্য কৰা ছাহিল আব্বাছ ৷ কাশ্মীৰৰ পৰা অসম পুলিছে কাশ্মীৰ সেনা আৰু আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে যুৱকজনক ৷
শ্বহীদ পত্নীক অপমানঃ গ্ৰেপ্তাৰ আব্বাছ - obsence comments
ছাহিল আব্বাছ ওৰফে আব্বাচ ভাটে ফেচবুকত কৰা অশ্লীল মন্তব্যৰ বিৰুদ্ধে ১৫ জুনত বিহদিয়াৰ ৰমেন বৰুৱা নামৰ এজন বিজেপিৰ কৰ্মকৰ্তাই কমলপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল ।
![শ্বহীদ পত্নীক অপমানঃ গ্ৰেপ্তাৰ আব্বাছ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3664906-thumbnail-3x2-bvcmghgh30.jpg)
ছাহিল আব্বাছ ওৰফে আব্বাচ ভাটে ফেচবুকত কৰা অশ্লীল মন্তব্যৰ বিৰুদ্ধে ১৫ জুনত বিহদিয়াৰ ৰমেন বৰুৱা নামৰ এজন বিজেপিৰ কৰ্মকৰ্তাই কমলপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল । সেই এজাহাৰৰ ভিত্তিতে ১৫৬/১৯ কেচৰ অধীনত আৰু কামৰূপ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃনাল কুমাৰ দাসে নেতৃত্ব দিয়া এটি দলে কাশ্মীৰলৈ গৈ ছাহিলৰ বিৰুদ্ধে অনুসন্ধান চলায় । পৰৱৰ্তী সময়ত আৰক্ষীয়ে ছাহিল আব্বাছক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । আব্বাছক আটক কৰাত আৰক্ষীৰ দলটোক কাশ্মীৰৰ সেনা -আৰক্ষীয়ে সহায় আগবঢ়াইছিল । ইয়াৰ পাচতে কামৰূপ আৰক্ষীয়ে মঙলবাৰে নিশাই ধৃত আব্বাছক দিল্লীৰ পৰা বিমান যোগে গুৱাহাটীলৈ আনি কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৰঙিয়ালৈ লৈ আহে । ইপিনে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যুৱক জনক কমলপুৰ থানাৰ পৰিবৰ্তে ৰঙিয়া থানালৈ অনা হয় । ৰঙিয়ালৈ অনাৰ পাচতে আব্বাছৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । আনহাতে আজি যুৱকজনক আদালতত হাজিৰ কৰাই আৰক্ষীৰ জিম্মাত লোৱাৰ সম্ভৱনা আছে ।