আজাৰা, 13 আগষ্ট :মহামাৰী কৰ'ণা ভাইৰাছৰ ত্ৰাসৰ মাজতে সমাগত দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ 74 সংখ্যক স্বাধীনতা দিৱসত যাতে ৰাজ্যত কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত হ'ব নোৱাৰে তাৰবাবে প্ৰশাসনে কঠোৰ দৃষ্টি ৰাখিছে ৷ ইতিমধ্যে, প্ৰতিখন জিলাৰ প্ৰশাসন সষ্টম হৈ পৰিছে ৷
বৃহস্পতিবাৰে কামৰূপ জিলাৰ বৰঝাৰ বিমান বন্দৰৰ প্ৰৱেশ দ্ধাৰত আজাৰা আৰক্ষী আৰু বৰঝাৰ আৰক্ষী চকীৰ যৌথ প্ৰচেষ্টাত প্ৰতিখন সৰু-ডাঙৰ বাহনক আৰক্ষীয়ে তন্নতন্নকৈ তালাচী চলাইছে ৷ লগতে, CISF বাহিনীয়ে বিমানবন্দৰৰ ভিতৰ ভাগত প্ৰৱেশ কৰা যাত্রী সকলক তালাচী চলোৱাৰ উপৰিও প্ৰতি গৰাকী যাত্ৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ।