কামৰূপ, 7 ডিচেম্বৰ: কামৰূপ আৰক্ষীৰ জালত পাঁচ বেংক হেকাৰ ৷ দীৰ্ঘদিনৰ পৰা বেংক হেকিঙৰ জৰিয়তে ৰঙিয়াত তোলপাৰ লগাইছিল এটা বেংক হেকাৰৰ দলে ৷ কিছুদিনৰ পূৰ্বে তিনিজনকৈ ব্যক্তিৰ বেংক একাউন্টৰ পৰা বৃহৎ পৰিমাণৰ ধন হৰলুকি হোৱাৰ পাছতে ৰঙিয়া থানাত ৰুজু কৰা হৈছিল গোচৰ ৷ তাৰ পাছতে কামৰূপ আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ৷ দেওবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে নগাঁৱৰ পৰা বেংক হেকিঙৰ লগত জৰিত পাঁচজন ব্যক্তিক গ্ৰপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
কামৰূপ আৰক্ষীৰ জালত পাঁচ বেংক হেকাৰ - rangia police station news
দীৰ্ঘদিনৰ পৰা বেংক হেকিঙৰ জৰিয়তে ৰঙিয়াত তোলপাৰ লগাই পাঁচ বেংক হেকাৰ কামৰূপ আৰক্ষীৰ জালত ৷ দেওবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে নগাঁৱৰ পৰা গ্ৰপ্তাৰ কৰে বেংক হেকিঙৰ লগত জৰিত পাঁচজন ব্যক্তিক ৷ ধৃত ব্যক্তিকেইজনৰ পৰা আৰক্ষীয়ে মোবাইল ফোন, লেপটপ, প্ৰিণ্টাৰ, স্পাই কেমেৰাসহ বহুকেইখন ভুৱা ভোটাৰ আইডি, ৰবৰ ষ্টাম্প, ডুব্লিকেট এটিএম কাৰ্ড আৰু নগদ পঞ্চশ হাজাৰ টকা জব্দ কৰে ৷

কামৰূপ আৰক্ষীৰ জালত পাঁচ বেংক হেকাৰ
কামৰূপ আৰক্ষীৰ জালত পাঁচ বেংক হেকাৰ
উল্লেখ্য যে, বেংক হেকিঙৰ লগত জড়িত ব্যক্তি কেইজনৰ নাম ছৈয়দ আহমেদ লস্কৰ, ফইজ আহমেদ লস্কৰ, তৈমুস আলী লস্কৰ, গুলজাৰ আহমেদ লস্কৰ আৰু ৰছিদ আহমেদ ৷ আটাইকেইজনৰ পৰা আৰক্ষীয়ে মোবাইল ফোন, লেপটপ, প্ৰিণ্টাৰ, স্পাই কেমেৰাসহ বহুকেইখন ভুৱা ভোটাৰ আইডি, ৰবৰ ষ্টাম্প, ডুব্লিকেট এটিএম কাৰ্ড আৰু নগদ পঞ্চশ হাজাৰ টকা জব্দ কৰে ৷ ধৃত ব্যক্তিকেইজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷