অসম

assam

ETV Bharat / state

চিকিৎসক নাই, ফাৰ্মাচিষ্টত আছে দায়িত্বত ! - ফাৰ্মাচিষ্ট

ছয়গাঁৱত চিকিৎসকৰ অভাৱত ফাৰ্মাচিষ্টেই ল’ব লগীয়া হৈছে চিকিৎসাৰ দায়িত্ব ৷ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত চিকিৎসক গৰাকী সপ্তাহত তিনি চাৰিদিন অনুপস্থিত থাকে যাৰ ফলত ৰোগী সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে

ছয়গাঁৱত চিকিৎসক অবিহনে ফাৰ্মাচিষ্টেই চিকিৎসকৰ দায়িত্বত

By

Published : Jul 25, 2019, 10:46 PM IST

ছয়গাঁও, ২৫ জুলাই : চিকিৎসা কেন্দ্ৰত চিকিৎসকৰ অভাৱত ফাৰ্মাচিষ্টে চিকিৎসা প্ৰদান কৰিবলগীয়া হোৱা ঘটনাই ৰাজ্যৰ চিকিৎসা খণ্ডৰ ফোপোলা স্বৰূপটো উদঙাই দিছে ৷ চিকিৎসকৰ সলনি ফাৰ্মাচিষ্টেই চিকিৎসকৰ ভূমিকা পালন কৰা ঘটনাই বৃহস্পতিবাৰে ছয়গাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ছয়গাঁৱৰ মাজ-মজিয়াত অৱস্থিত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বৃহস্পতিবাৰে চিকিৎসক গৰাকী নথকাত ৰোগীক চিকিৎসা প্ৰদান কৰে জনৈক মালী উপাধিৰ ফাৰ্মাচিষ্ট গৰাকীয়ে ৷ ফাৰ্মাচিষ্ট গৰাকীয়ে চিকিৎসক নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰোগীক চিকিৎসা কৰা বুলি কোৱাই নহয় চহী অবিহনে প্ৰেছক্ৰিপছন দিয়া বুলিও স্বীকাৰ কৰে ৷ ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি ফাৰ্মাচিষ্ট গৰাকীয়ে এনেদৰে ৰোগীক চিকিৎসা কৰাৰ লগতে ঔষধো দিয়ে বুলি স্বীকাৰ কৰে ৷

ছয়গাঁৱত চিকিৎসক অবিহনে ফাৰ্মাচিষ্টেই চিকিৎসকৰ দায়িত্বত

অভিযোগ মতে, স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত চিকিৎসক গৰাকী সপ্তাহত তিনি চাৰিদিন অনুপস্থিত থাকে যাৰ ফলত ৰোগী সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে ৷ তাতোকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে বহু বছৰ ধৰি ছয়গাঁৱৰ মাজ মজিয়াৰ এই খন চিকিৎসালয়ত স্থায়ী চিকিৎসক নাই ৷ ইয়াৰ বিপৰীতে ৫ বছৰৰো অধিক কাল ধৰি এগৰাকী অৱসৰপ্ৰাপ্ত চিকিৎসকে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান আঁচনিৰ অধীনত চিকিৎসক হিচাপে কাম কৰি আছে ৷ কিন্তু চিকিৎসক গৰাকীয়ে প্ৰায়ে অনুপস্থিত থকাত চিকিৎসালয় খনত কৰ্মৰত কৰ্মচাৰী সকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ এই ক্ষেত্ৰত মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰাধাচৰণ দাসৰ ভূমিকাক ছয়গাঁওবাসী ৰাইজে একেমুখে গৰিহণা দিছে ৷

ABOUT THE AUTHOR

...view details