অসম

assam

ETV Bharat / state

অকল গাড়ী নহয় , গাড়ীৰ লগতে ক্ৰেতাক দিব লাগিব এটা গছপুলি !

আপুনি নতুনকৈ গাড়ী ক্ৰয় কৰাৰ কথা ভাবিছে নেকি ? ভাবিছে যদি এতিয়াৰে পৰা আপুনি ক্ৰয় কৰা গাড়ীৰ সৈতে একোটাকৈ গছপুলি লাভ কৰিব ৷ অভিজাত গাড়ীৰ ডীলাৰে আপোনাক দিব লাগিব গাড়ীৰ লগতে এটা গছপুলি ৷

By

Published : Jul 11, 2019, 2:26 PM IST

অকল গাড়ী নহয় , গাড়ীৰ লগতে ক্ৰেতাক দিব লাগিব এটা গছপুলি !

কামৰূপ,11 জুলাইঃ শুনি হয়তো আচৰিত হৈছে পৰিৱেশৰ ভাৰসাম্য আৰু গছপুলি ৰোপণৰ ক্ষেত্ৰত নতুনকৈ লোৱা হৈছে এক ব্যৱস্থা ৷ প্ৰতিখন গাড়ীৰ বিনিময়ত প্ৰতিজন গ্ৰাহকে একোটাকৈ গছপুলি লাভ নকৰিলে চৰকাৰী পঞ্জীয়ন বাতিল হ’ব গাড়ীৰ ৷ দৈনিক বৃদ্ধি পোৱা গাড়ীৰ চাহিদা আৰু পৰিৱেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা এনে এক অভিনৱ পদক্ষেপত বাৰুকৈয়ে সুখী হৈছে প্ৰকৃতিপ্ৰেমী ৷

বৃহস্পতিবাৰে কামৰূপ জিলা পৰিবহণ বিভাগে এই অভিনৱ পদক্ষেপৰ শুভ উদ্বোধন কৰি প্ৰতিটো গাড়ীৰ ডীলাৰলৈ প্ৰেৰণ কৰিলে এক বিশেষ জাননী ৷ উপায়ুক্ত কমল কুমাৰ বৈশ্যই শুভাৰম্ভ কৰা এই বিশেষ পদক্ষেপত কামৰূপ জিলাৰ প্ৰতিটো গাড়ী ডীলাৰে গাড়ী বিক্ৰী কৰাৰ লগতে ক্ৰেতাক প্ৰদান কৰিব লাগিব একোটাকৈ গছপুলি ৷ জিলা পৰিবহণ বিষয়া গৌতম দাসে গছপুলি প্ৰদানৰ জৰিয়তে সকলোলৈকে প্ৰেৰণ কৰিলে এক সতৰ্কবাণী , গাড়ীৰ সৈতে গছপুলি প্ৰদান নকৰিলে চৰকাৰী পঞ্জীয়নভুক্ত নহ’ব বাহনখন ৷

অকল গাড়ী নহয় , গাড়ীৰ লগতে ক্ৰেতাক দিব লাগিব এটা গছপুলি !

কামৰূপ জিলাৰ প্ৰতিজন ক্ৰেতাক গছপুলি ৰোপণ আৰু লালন-পালনৰ জৰিয়তে পৰিৱেশৰ প্ৰতি সজাগ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এই পদক্ষেপক এতিয়া গাড়ীৰ ডীলাৰ সমূহে কিদৰে আগুৱাই নিয়ে সেয়াহে হ’ব লক্ষণীয় ৷

ABOUT THE AUTHOR

...view details