কামৰূপ, 7 চেপ্তেম্বৰঃপথ আইন ভংগকাৰীৰ বিৰুদ্ধে জৰিমনা বিহিবলৈ শক্তিশালী সমিতি গঠন ৷ জিলা পৰিবহন বিষয়া কাৰ্যালয়ে গঠন কৰিলে এই সমিতি । কামৰূপ জিলা উপায়ুক্ত কাৰ্যলয়ত গঠিত হ'ল জৰিমনা বিহাৰ উচ্চস্তৰীয়া শক্তিশালী সমিতি । আৰক্ষী জিলা প্ৰশাসন আৰু পৰিবহণ বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰে গঠণ কৰা হ'ল জৰিমনা বিহা সমিতি । অতিৰিক্ত আৰক্ষী অধীক্ষক জিলা উপায়ুক্ত আৰু জিলা পৰিবহণ বিষয়াই আলোচনামৰ্মে গঠন কৰে এই সমিতি ৷ পথ আইন ভংগকাৰী সকলক জৰিমনা বিহাৰ সময়ত কোনোধৰণৰ আইনশৃংখলা জনিত পৰিস্থিতি উদ্ভৱ ন'হবলৈ এই পদক্ষেপ জিলা পৰিবহণ বিষয়াৰ ।
সাৱধান! পথ আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ জৰিমনা বিহা সমিতি - বৈঠক
নতুন যান-বাহন আইন কাৰ্যকাৰী কৰাৰ বাবে কামৰূপ জিলা পৰিবহণ বিষয়াৰ উচ্চস্তৰীয়া বৈঠক । বৰ্ধিত নিৰিখৰ জৰিমনা বিহাৰ বাবে জিলা পৰিবহণ বিষয়াৰ পথ সুৰক্ষা সমিতিৰ বৈঠক ।
সাৱধান! পথ আইন ভংগকাৰীৰ বিৰুদ্ধে জৰিমণা
কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাসে সংবাদ মাধ্যমক সম্বোধন কৰি দুৰ্ঘটনা ৰোধৰ বাবে কঠোৰভাবে যান-বাহন আইন জিলাখনত বলবৎ কৰাৰ কথাও সদৰি কৰে ।