ছয়গাঁও,১৮ চেপ্তেম্বৰঃ দক্ষিণ কামৰূপৰ বৰটাৰীস্থিত দক্ষিণ সৰুবংশৰ উপ স্বাস্থ্য কেন্দ্ৰৰ কোঠালিত এটি মৃতদেহ উদ্ধাৰক লৈ শুক্ৰবাৰে পুৱাই সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ । উল্লেখযোগ্য যে,কেবাদিনো ধৰি বন্ধ হৈ থকা চিকিৎসালয়খনৰ এটি কোঠালিৰ পৰা গোন্ধ ওলায় থকাত স্থানীয় লোকে শুকুৰবাৰে পুৱা চাবলৈ গৈ এগৰাকী মহিলাৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷
দক্ষিণ কামৰূপৰ বৰটাৰীত মহিলাৰ মৃতদেহ উদ্ধাৰ - বৰটাৰীত মহিলাৰ মৃতদেহ উদ্ধাৰ
দক্ষিণ কামৰূপৰ বৰটাৰীত এটা স্বাস্থ্য কেন্দ্ৰত মহিলাৰ মৃতদেহ উদ্ধাৰ ৷ এবছৰ ধৰি সন্ধানহীন হৈ আছিল মহিলা গৰাকী
উল্লেখযোগ্য যে,মৃতদেহটো বেজৰটাৰীৰ নামান কলিতা নামৰ প্ৰায় 70 বছৰীয়া মহিলাগৰাকীৰ বুলি চিনাক্ত কৰা হয়। ঘটনাস্থলীত কুকুৰমাৰাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাইছে যদিও মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷ ইপিনে মহিলা গৰাকী বিগত এবছৰ ধৰি নিৰুদ্দেশ হৈ আছিল বুলি জানিব পৰা গৈছে ৷ অৱশেষত শুকুৰবাৰে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ সম্প্ৰতি সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷
লগতে পঢ়কঃগোলাঘাট আৰক্ষীৰ জালত দুধৰ্ষ ডকাইতৰ দল