বাইহাটা, 25 ডিচেম্বৰ :কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভত কামৰূপ জিলা উপায়ুক্তৰ সংবাদমেল ৷ 26 ডিচেম্বৰত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যানবাহন চলাচল বন্ধ কৰিবলৈ আহ্বান জনাইছে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে ৷ একেদৰে, অতি জৰুৰী কাম নাথাকিলে 26 ডিচেম্বৰত ৰাজপথলৈ ওলাই নাহিবলৈ অনুৰোধ জনাইছে জিলা প্ৰশাসনে ৷
অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভত কামৰূপ জিলা উপায়ুক্তৰ সংবাদমেল - Amit Shah
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভত কামৰূপ জিলা উপায়ুক্তৰ সংবাদমেল ৷ গৃহমন্ত্ৰীৰ আগমনকলৈ আমিনগাঁৱত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷
অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভত কামৰূপ জিলা উপায়ুক্তৰ সংবাদমেল
ইফালে, গুৱাহাটীৰ দিশৰ পৰা অহা যানবাহন সমূহ পথৰ বাওঁফালে পাৰ্কিং কৰিব পাৰিব আৰু বাইহাটাৰ ফালৰ পৰা অহা যানবাহন সমূহ পথৰ সৌফালে পাৰ্কিঙৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনকলৈ আমিনগাঁৱত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ কথা উল্লেখ কৰে কামৰূপ জিলা আৰক্ষী অধীক্ষক পাৰ্থ সাৰথী মহন্তই ।